NORTHEAST NOW (Assamese)

সাহস আছে যদি চৰকাৰ ভাঙি দেখুৱাওক; বিজেপিক প্ৰত্যাহ্বান উদ্ধৱ থাকৰেৰ

October 26, 2020 11:49 am · এন ই নাও নিউজ
মহাৰাষ্ট্ৰৰ মুখ্য মন্ত্ৰী উদ্ধৱ থাকৰে।

মুখ্য মন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰা দিনৰে পৰা মহাৰাষ্ট্ৰ চৰকাৰ ভাঙি পেলোৱাৰ কথা কৈ অহা হৈছে। এতিয়া প্ৰায় এবছৰ পাৰ হ’বৰ হ’ল। সাহস থাকিলে সেয়া কৰি দেখুৱাওক।

শিৱসেনাৰ বাৰ্ষিক দশেৰা উৎসৱত এইদৰে বিজেপিক প্ৰত্যাহ্বান জনালে মহাৰাষ্ট্ৰৰ মুখ্য মন্ত্ৰী উদ্ধৱ থাকৰে।

দেওবাৰে মুম্বাইত ভাষণ প্ৰসংগত থাকৰেই কয়,’’আমাৰ হিন্দুত্বক লৈ ক্ৰমাগতভাৱে আক্ৰমণ কৰি থকা হৈছে। কিয় জনসাধাৰণৰ বাবে মন্দিৰ খুলি দিয়া নাই তাক লৈ প্ৰশ্ন কৰিছে। বালাচাহাব থাকৰেৰ হিন্দুত্বৰ সৈতে আমাৰ কাম অমিল আছে বুলি কোৱা হৈছে। আপোনালোকৰ হিন্দুত্ব টিলিঙা বা কাহী-বাতি বজোৱাতে সীমাবদ্ধ। আমাৰ হিন্দুত্বৰ সংজ্ঞা তাতকৈ সুকীয়া।‘’

কেন্দ্ৰীয় চৰকাৰে কৰ’নাৰ ভেকচিনক লৈ ৰাজনীতি কৰাৰ অভিযোগো উত্থাপন কৰে মহাৰাষ্ট্ৰৰ মুখ্য মন্ত্ৰীগৰাকীয়ে।

তেওঁ অভিযোগ কৰে যে বিহাৰ নিৰ্বাচনত সুযোগ লোৱাৰ স্বাৰ্থতে বিজেপিয়ে ৰাজ্যখনত বিনামূলীয়াকৈ ভেকচিন দিয়াৰ প্ৰচাৰ চলাইছে।

শিৱসেনাৰ মুৰব্বীগৰাকীয়ে লগতে প্ৰশ্ন কৰে,’’ আপোনালোকে বিহাৰত বিনামূলীয়াকৈ ভেকচিন দিয়াৰ কথা কৈছে। দেশৰ বাকী অংশ পাকিস্তান বা বাংলাদেশৰ নেকি?’’

অধিক আক্ৰমণাত্মক হৈ পৰা থাকৰেই লগতে কয়, ’’যিসকলে এই প্ৰচাৰ চলাইছে তেওঁলোকে লাজ পোৱা উচিত। মনত ৰাখিব আপোনালোক কেন্দ্ৰত শাসনত আছে।‘’

শেহতীয়াকৈ বিজেপিয়ে মহাৰাষ্ট্ৰ চৰকাৰ, বিশেষকৈ শিৱসেনাৰ প্ৰতি তীব্ৰ আক্ৰমণাত্মক বক্তৱ্য কৰি অহাৰ পাছত শিৱসেনাৰ মুৰব্বী তথা মহাৰাষ্ট্ৰৰ মুখ্য মন্ত্ৰী উদ্ধৱ থাকৰে এইবাৰ উভতি ধৰিছে বিজেপিক।

Related News