NORTHEAST NOW (Assamese)

নিষেধাজ্ঞা আঁতৰিল, আজি বৃটেইনৰ পৰা দিল্লীত উপস্থিত হ’ব প্ৰথমখন এয়াৰ ইণ্ডিয়াৰ বিমান

January 8, 2021 1:19 pm · এন ই নাও নিউজ
ফাইল ছবি।

বৃটেইনত সম্প্ৰতি ভয়াবহ ৰূপ ধাৰণ কৰিছে নতুন ক’ৰ’না ভাইৰাছৰ সংক্ৰমণে। আৰু সেয়ে দেশখনে সংক্ৰমণ ৰোধৰ বাবে বৃদ্ধি কৰিছে লকডাউন।

কিন্তু সংক্ৰমণৰ এই ভয়াৱহতাৰ মাজতে ভাৰত চৰকাৰে বৃটেইনৰ পৰা অহা-যোৱা কৰা বিমানসেৱাৰ নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰিছে।

নিষেধাজ্ঞা প্ৰত্যাহাৰৰ পিছত আজি অৰ্থাৎ শুকুৰবাৰে এয়াৰ ইণ্ডিয়াৰ প্ৰথমখন বিমান দিল্লীত উপস্থিত হ’ব। এই বিমানখনে ভাৰতক চিন্তিত কৰি তুলিছে।

বৃটেইনৰ পৰা আহিবলগীয়া এই বিমানখনত মুঠ ২৫৬ গৰাকী যাত্ৰী আহিব বুলি জানিব পৰা গৈছে।

বৃটেইনৰ পৰা আহিবলগীয়া বিমানত থকা নিষেধাজ্ঞা আজি প্ৰত্যাহাৰ কৰাৰ বিপৰীতে ভাৰতৰ পৰা বৃটেইনলৈ যোৱা বিমানৰ নিষেধাজ্ঞা ৬ জানুৱাৰিত প্ৰত্যাহাৰ কৰা হৈছিল।

উল্লেখ্য যে নতুন ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি প্ৰথম অৱস্থাত ভাৰতে বৃটেইনৰ পৰা আহিবলগীয়া সকলো ধৰণৰ বিমান সেৱা যোৱা ২১ ডিচেম্বৰৰ পৰা ৩১ ডিচেম্বৰলৈকে বাতিল কৰিছিল।

কিন্তু ইয়াৰ সংক্ৰমণে ভয়াৱহ ৰূপ ধাৰণ কৰাত ভাৰত চৰকাৰে এই নিষেধাজ্ঞা পুনৰ এসপ্তাহলৈ অৰ্থাৎ ৭ জানুৱাৰিলৈকে বৃদ্ধি কৰিছিল।

উল্লেখ্য যে বৃটেইনত দেখা দিয়া নতুন ক’ৰ’না ভাইৰাছৰ সংক্ৰমণে ভাৰততো ভয়াৱহ ৰূপ ধাৰণ কৰা আৰম্ভ কৰিছে।

ইতিমধ্যে এই পৰ্যন্ত ৭৩ গৰাকী লোক ইয়াৰ কৱলত পৰিছে।

Related News