NORTHEAST NOW (Assamese)

এইবাৰ বিদ্যালয়ত উৰিল আলফা স্বাধীনৰ পতাকা; সোধা-পোছাৰ বাবে দুজনক আটক

November 28, 2018 10:28 am · কল্পজ্যোতি শইকীয়া
Updated: November 28, 2018 10:33 am
বৰবাৰী হাইস্কুলৰ চৌহদত উৰি থকা আলফা (স্বাঃ)ৰ পতাকাখন।

আলফা স্বাধীনলৈ সক্ৰিয়তা আৰু প্ৰাণ পুনৰ ঘূৰি আহিছে বুলি খোদ অসম আৰক্ষীৰ সূত্ৰই কৰা দাবীৰ সত্যতা বিভিন্ন পৰিস্থিতিয়ে প্ৰমাণ কৰি অহাটো অসমৰ জনগণে নিজ চকুৰে দেখি আহিছে।

ইয়াৰ মাজতে এই সত্যতাক অধিক প্ৰকটভাৱে দাঙি ধৰে আজিৰ এটা ঘটনাই। খোদ গুৱাহাটী মহানগৰীৰ বৰবাৰীত থকা বৰবাৰী হাইস্কুলৰ চৌহদত আজি পুৱা আলফা (স্বাঃ)ৰ এখন পতাকা উৰি থকা দেখা যায়।

কালি দিনত খোলা থকা বিদ্যালয়খনৰ চৌহদৰ ভিতৰত ৰাতিৰ আন্ধাৰৰ সুযোগত কোনোবা অজ্ঞাত লোকে বাৰাণ্ডাৰ সন্মুখৰ অংশতে আলফা (স্বাঃ)ৰ পতাকাখন আঁৰি থৈ গৈছিল। ঘটনাটোৱে অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

বৰবাৰী হাইস্কুলৰ উপৰি হেঙেৰাবাৰী পাহাৰৰ ওপৰ অংশতো এখন একেই পতাকা আঁৰি থোৱা আছিল বুলি স্থানীয় লোকে জনাইছে।

ঘটনাটোক লৈ অসম আৰক্ষী বিশেষভাৱে তৎপৰ হৈ পৰিছে বুলি জানিব পৰা গৈছে। স্থানীয় লোকসকলে জনোৱামতে, দিচপুৰ আৰক্ষীয়ে আজি পুৱাই দুয়োখন পতাকা খুলি লৈ যায়। ঘটনা সন্দৰ্ভত সোধা-পোছাৰ বাবে দিচপুৰ আৰক্ষীয়ে দুজনক আটক কৰিছে যদিও তদন্তৰ স্বাৰ্থ নাম প্ৰকাশ কৰিবলৈ অনিচ্ছুক হয় দিচপুৰ আৰক্ষী।

প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে শিৱসাগৰৰ ডিমৌত হোৱা বিস্ফোৰণৰ পিছতে মাত্ৰ চাৰিদিন পূৰ্বে অসম আৰক্ষীয়ে মহানগৰীৰ পৰা কেইবাজনো লোকক আলফা (স্বাঃ)ৰ লিংকমেনৰ সন্দেহত আটক কৰিছিল।

আনহাতে ২৭ নৱেম্বৰত নতুন দিল্লীত কেন্দ্ৰীয় গৃহ মন্ত্ৰীয়ে মুখ্য মন্ত্ৰী আৰু উত্তৰ-পূবৰ দায়িত্বত থকা গৃহ মন্ত্ৰ্যালয়ৰ যুটীয়া সচিব সত্যেন্দ্ৰ গাৰ্গ  প্ৰমুখ্যে অন্যান্য সকলৰ সৈতে আলফা (স্বাঃ)পুনৰ উত্থানৰ কথাটো গুৰুত্বসহকাৰে আলোচনা কৰিছিল। তাৰ পিছতেই মহানগৰীৰ বিদ্যালয়ত আলফা (স্বাঃ)ৰ পতাকাই যথেষ্ট তাৎপৰ্য্য বহন কৰিছে।

Related News