NORTHEAST NOW (Assamese)

ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠান, অসম চৌহদ ভিডিঅ’ কনফাৰেন্সযোগে উদ্বোধন কৰিলে কেন্দ্ৰীয় কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং টোমাৰে

September 25, 2020 11:03 pm · এন ই নাও নিউজ

অসম তথা সমগ্ৰ উত্তৰ-পূবৰ কৃষি ব্যৱস্থাক অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে কেন্দ্ৰীয় কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰে আজি ভিডিঅ’ কনফাৰেন্সযোগে ধেমাজি জিলাৰ গোগামুখত স্থাপিত ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠান, অসম চৌহদৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে।

মুখ্য মন্ত্ৰীৰ বাসভৱনৰ পৰা ভিডিঅ’ কনফাৰেন্সযোগে এই উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰি প্ৰদান কৰা ভাষণত সোণোৱালে আজিৰ দিনটোক অসম তথা উত্তৰ-পূবৰ বাবে এক বিশেষ দিন বুলি অভিহিত কৰে।

‘একাত্ম মাৱতাবাদ’ তথা অন্ত্যোদয়াৰ ধাৰণাৰে সমাজৰ সকলো শ্ৰেণীৰ জনসাধাৰণৰ উত্তৰণৰ স্বপ্নদ্ৰষ্টা পণ্ডিত দীনদয়াল উপাধ্যায়ৰ পৱিত্ৰ জন্মদিনত কৃষক, শ্ৰমিকসকলৰ উত্তৰণৰ বাবে আজি উদ্বোধন কৰা এই প্ৰতিষ্ঠানখনে ৰাজ্যৰ লগতে সমগ্ৰ উত্তৰ-পূবৰ কৃষি অৰ্থনীতিৰ বুনিয়াদ শক্তিশালী কৰাৰ দিশত বৃহৎ ভূমিকা পালন কৰিব বুলিও মুখ্য মন্ত্ৰী সোণোৱালে কয়।

প্ৰতিষ্ঠানখনে এই বৃহত্তৰ অঞ্চলটোৰ কৃষি, পশুধন, মীন, উদ্যান শস্য আৰু বনাঞ্চলে বহন কৰা সম্ভাৱনীয়তাখিনি কামত খটুৱাই উত্তৰণৰ পথ প্ৰশস্ত কৰাৰ দিশত বিশেষ ভূমিকা গ্ৰহণ কৰিব বুলিও সোণোৱালে ভাষণত কয়।

Related News