NORTHEAST NOW (Assamese)

আনলক গুৱাহাটী: কিদৰে খোল খাব মহানগৰ?

July 16, 2020 8:50 pm · কল্পজ্যোতি শইকীয়া

গুৱাহাটীত চলিত লকডাউনৰ পিছতে আৰম্ভ হ’ব আনলক-১, অসমৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে এই কথা প্ৰকাশ কৰিছে।

“একেবাৰে লকডাউন নাইকিয়া হৈ নাযায়, আনলক-১ আৰম্ভ হ’ব। পৰ্যায়ক্ৰমে খুলি দিয়া হ’ব, সকলো একেলগে খুলি দিয়া নহয়। আজি স্বাস্থ্য বিভাগে তেওঁলোকৰ মতামত কামৰূপ মহানগৰ জিলা প্ৰশাসনক জনাব,” গুৱাহাটীত সংবাদমেলযোগে মন্ত্ৰী শৰ্মাই জনায়।

স্বাস্থ্য বিভাগ আৰু কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ মাজত শুকুৰবাৰে এই সম্পৰ্কত এক আলোচনা অনুষ্ঠিত হ’ব বুলি জানিব পৰা গৈছে।

গুৱাহাটীত আনলক-১ সন্দৰ্ভত মন্ত্ৰী শৰ্মাই লগতে কয়, “সকলো দোকানৰ মালিক-কৰ্মচাৰীৰ লগতে চৰকাৰী আৰু বেচৰকাৰী সকলো কৰ্মচাৰীয়ে ক’ভিড টেষ্ট কৰাব লাগিব।”

এক সূত্ৰমতে, সকলো দোকান একেবাৰে নহ’লেও শতাংশ হিচাপত খুলিবলৈ অনুমতি দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে।

ঠিক সেইদৰে, ব্যক্তিগত প্ৰতিষ্ঠান, চৰকাৰী-বেচৰকাৰী কাৰ্য্যালয় ন্যূনতম বিষয়া-কৰ্মচাৰীৰ উপস্থিতিৰে খোলাৰ সম্ভাৱনা আছে বুলি সূত্ৰটোত প্ৰকাশ পাইছে।

অৱশ্যে, সূত্ৰটোৱে জনোৱা মতে জিম, চিনেমা হল, শ্বপিং মল, বিউটি পাৰ্লাৰ, শিক্ষা প্ৰতিষ্ঠান আদি বন্ধ থাকিব।

ইয়াৰোপৰি, আনলক-১ত ৫০ শতাংশ যাত্রীৰে যাত্ৰীবাহী বাহনসমূহ চলাচল কৰিবলৈ দিয়াৰ সম্ভাৱনা আছে।

পৰ্যায়ক্ৰমে ধৰ্মীয় অনুষ্ঠানসমূহো মুকলি কৰা হ’ব যদিও সামাজিক দূৰত্বৰ ওপৰত পৰিচালনা কমিটিয়ে গুৰুত্ব আৰোপ কৰিব লাগিব।

গুৱাহাটীত ক’ভিড-১৯ৰ সংক্ৰমণ ৰোধাৰ বাবে প্ৰথম পৰ্য্যায়ত ১৪ আৰু দ্বিতীয় পৰ্যায়ত সাত দিনৰ লকডাউন ঘোষণা কৰা হৈছিল।

দ্বিতীয় পৰ্য্যায়ৰ লকডাউনত গেলামালৰ দোকান খোলাৰ অনুমতি দিয়াৰ লগতে ঘৰে ঘৰে গৈ শাক পাচলি, ফলমূল আৰু মাছ-মাংস বিক্ৰীৰ অনুমতি দিয়া হৈছিল।

Related News