NORTHEAST NOW (Assamese)

Ukraine Issue: ইউক্ৰেইন সীমান্তত উত্তেজনাময় পৰিস্থিতিক লৈ মঙলবাৰে বিডেন-পুটিনৰ বৈঠক

December 5, 2021 11:56 am · এন ই নাও নিউজ, গুৱাহাটী

Ukraine Issue ইউক্ৰেইন বিষয়ত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ৰাছিয়াৰ মাজৰ উত্তেজনা চৰম পৰ্যায়ত উপনীত হৈছে। ইউক্ৰেইন সীমান্তত ৰাছিয়াৰ সেনা সমাৱেশক লৈয়েই সৃষ্টি হৈছে এই উত্তেজনাৰ।

এনে পৰিস্থিতিৰ মাজতে অহা ৭ ডিচেম্বৰ মঙলবাৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি আৰু জো বিডেন আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে এক বৈঠকত মিলিত হ’ব।

হোৱাইট হাউছৰ তৰফৰ পৰা এই কথা নিশ্চিত  কৰা হৈছে।

Also Read: Covid-19 Update দেশত কৰ’নাত মৃত্যুৰ সংখ্যাত যোগ হ’ল আৰু ২হাজাৰ ৭৯৬জন; নিয়ন্ত্ৰণাধীন দৈনিক সংক্ৰমণ

ৰাছিয়াই ইউক্ৰেইনত বৃহৎ আক্ৰমণ চলোৱাৰ প্ৰস্তুতি চলোৱাৰ প্ৰমান আমেৰিকাৰ হাতত আছে বুলি দেশখনৰ বৈদেশিক মন্ত্ৰী এন্টনি ব্লিংকেনে সদৰী কৰিছিল।

অৱশ্যে ব্লিংকেনে কৈছিল যে ৰাছিয়াই ইউক্ৰেইন দখল কৰাৰ সিদ্ধান্ত লৈছে নে নাই সেয়া এতিয়াও স্পষ্ট নহয়।

ইপিনে, ৰাছিয়াই ইয়াৰ তেনে কোনো অভিপ্ৰায় নাই বুলি স্পষ্ট কৰি দিছে।  

কিন্তু ইয়াৰ পাছতে দেশ দুখনৰ মুৰব্বী দুগৰাকীয়ে বৈঠকত বহিবলৈ আগবাঢ়িছে।

Also Read: Nagaland Firing Incident: উত্তপ্ত নাগালেণ্ড! মন জিলাত উত্তেজিত জনতাৰ আক্ৰমণত নিহত সেনা জোৱান, আন ৬জোৱান আহত

শনিবাৰে নিশা হোৱাইট হাউছৰ পৰা দিয়া এক বিবৃতিত প্ৰেছ সচিব জেন ছাকিয়ে কয় যে ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ সৈতে এই বৈঠকত বিডেনে ইউক্ৰেইন সীমান্তত ৰাছিয়ান সেনাবাহিনীৰ কুচকাৱাজক লৈ আমেৰিকাৰ উদ্বেগৰ বিষয়টো দাঙি ধৰিব আৰু ইউক্ৰেইনৰ সাৰ্বভৌমত্ব তথা ইয়াৰ আঞ্চলিক অখণ্ডতাৰ প্ৰতি দেশখনৰ সমৰ্থনৰ কথা স্পষ্ট কৰিব।

Related News