NORTHEAST NOW (Assamese)

Vicky-Katrina Wedding: প্ৰতীক্ষাৰ অৱসান! বিয়া সম্পন্ন হ’ল; চাওক ভিকি-কেটৰিনাৰ বিয়াৰ ফটো

December 10, 2021 9:26 am · এন ই নাও নিউজ, গুৱাহাটী

Vicky-Katrina wedding যোধপুৰত বৃহস্পতিবাৰে অগ্নিক সাক্ষী কৰি নতুন জীৱনৰ পাতনি মেলিলে ভিকি কৌশল আৰু কেটৰিনা কাইফে। আত্মীয়-অনুৰাগীৰ আশীৰ্বাদ-শুভকামনাৰে বিবাহপাশত আৱদ্ধ হ’ল ভিকি –কেট।

বিগত কেইবামাহ ধৰি চলা চৰ্চাৰ পাছত সকলো প্ৰতীক্ষাৰ অৱসান ঘটাই আনুষ্ঠানিকভাৱে যুগ্ম জীৱন আৰম্ভ কৰিলে ভিকি-কেটৰিনাই।

বৃহস্পতিবাৰে যোধপুৰৰ সাতশ বছৰ পুৰণি দূৰ্গত বিবাহপাশত আৱদ্ধ হয় কেটৰিনা-ভিকি। এই বহুচর্চিত বিবাহ অনুষ্ঠানত বহু চেষ্টা কৰিও ফটো তোলাৰ পৰা বিৰত ৰখাব পৰা নগ’ল পাপাৰাজ্জিক।

বিবাহৰ ফটো প্ৰকাশ পোৱাৰ কেইঘন্টামানৰ ভিতৰতে ভিকি-কেটৰিনাই তেওঁলোকৰ নিজৰ নতুন জীৱনৰ যাত্ৰাৰ কথা ঘোষণা কৰে।

তাৰকা নৱ দম্পতিয়ে তেওঁলোকৰ বিয়াৰ ফটো ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰে।

ৰঙা লেহেংগা, ডিঙিত জকমকীয়া হাৰ, কপালত ৰঙা ফোট আৰু এক অনন্য পোওছাক-পৰিচ্ছদেৰে কইনাৰ সাজত জিলিকি উঠে কেটৰিনা।

ছচিয়েল মিডিয়াত নিজৰ বিয়াৰ ফটো শ্বেয়াৰ কৰি তাৰকা দম্পতিয়ে লিখিছে,’’কেবল ভালপোৱা আৰু কৃতজ্ঞতাৰে পূৰ্ণ আমাৰ হৃদয় আৰু সেই সকলোবোৰৰ বাবেই আমি আজি এই মুহূৰ্তত উপস্থিত হৈছো। আমাৰ এই নতুন যাত্ৰাপথত আপোনালেকৰ মৰম আৰু আশীৰ্বাদ বিচাৰিছো।‘’

কেটৰিনাৰ হাত ভিকিয়ে টানকৈ খামুচি ধৰি ৰাখিছে। দৰা-কইনাৰ ওঁঠত বিৰিঙিছে মিচিকিয়া হাঁহি। তাৰমাজতে সলনি কৰিছে মালা। অনুৰাগীসকলেও হিয়া ভৰাই আশীৰ্বাদ দিছে এই তাৰকা দম্পতিক।       

Related News