NORTHEAST NOW (Assamese)
অসম

বাঁহৰ জেং,গছৰ ডাল পাত দি মুখ্য মন্ত্ৰীৰ সমষ্টি মাজুলীত খহনীয়া প্ৰতিৰোধৰ চেষ্টা গাঁওবাসীৰ

Posted by: মিটু খাটনিয়াৰ Updated by: মিটু খাটনিয়াৰ July 29, 2019 11:16 am
Screenshot_20190729-100351_Video Player

মুখ্য মন্ত্ৰীৰ সমষ্টি মাজুলীত এতিয়া খহনীয়াৰ বিভীষিকা। বানৰ পাছতে দ্বীপটোৰ কেওফালে খহনীয়াই তীব্রতৰ ৰূপ ধাৰণ কৰিছে। খেৰকটীয়া নদীৰ তাণ্ডৱত দিকভ্ৰান্ত হৈ পৰিছে মাজুলীৰ মঘুৱাচুক অঞ্চলৰ কুৰিখনকৈ গাঁৱৰ লোক।

এপিনে নদীৰ ভয়াবহ খহনীয়া, আনপিনে ভৌগোলিক সুৰক্ষাৰ দায়িত্বত থকা বিভাগৰ দায়িত্বহীনতা। ব্ৰহ্মপুত্ৰ বৰ্ড আৰু জলসম্পদ বিভাগে গ্ৰহণ কৰা নিৰ্বিকাৰ ভূমিকাত অতিষ্ঠ হৈ আজি বৃহত্তৰ মঘুৱাচুক অঞ্চলৰ শ শ লোকে হাতে হাতে দা-কুঠাৰ, বাঁহৰ জেং-ডাল পাত লৈ ওলাই আহিল খেৰকটীয়া নৈৰ পাৰলৈ।

মাজুলীৰ উত্তৰ দিশত প্ৰবাহমান খেৰকটীয়া নৈখনৰ দ্বাৰা সৃষ্টি হোৱা ভয়ংকৰ খহনীয়াই জেংৰাই গাঁও, জেংৰাই আমগুৰি, জেংৰাই কেচাইখোৱা, নামনি জেংৰাই আমগুৰি, জেংৰাই ঠেকেৰাগুৰি, জেংৰাই চাপৰি, জেংৰাই বালি চাপৰি আদিকে ধৰি অঞ্চলটোৰ কুৰিখন গাঁৱৰ লোকৰ নিদ্ৰা হৰণ কৰিছে।

চৰকাৰৰ কুম্ভকৰ্ণ ভূমিকাৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰি জেংৰাই মঘূৱাচুক গাঁও উন্নয়ন সমিতি, যুৱক সংঘৰ উদ্যোগত অঞ্চলৰ জেংৰাই গাঁও, জেংৰাই আমগুৰি, জেংৰাই কেচাইখোৱা, নামনি জেংৰাই আমগুৰি, জেংৰাই চাপৰি আদি বিভিন্ন গাঁৱৰ সহযোগত আজি আবাল-বৃদ্ধ,পুৰুষ-মহিলা, বুঢ়া-বুঢ়ী, যুৱক-যুৱতী আদি শ শ লোক পুৱাৰে পৰা খেৰকটীয়া নৈৰ পাৰলৈ ওলাই আহি এই জলন্ত সমস্যাটোৰ সমাধানৰ বাবে নিজে হাতে কামে লাগি পৰে।

অঞ্চলবাসীৰ দাবী যে খেৰকটীয়া নৈৰ খহনীয়া প্ৰতিৰোধৰ বাবে বিজ্ঞানসন্মত আঁচনিৰ জৰিয়তে অঞ্চলবাসীৰ জীৱন-সম্পত্তিৰ সুৰক্ষা প্ৰদান কৰিব লাগে। অন্যথা ৰাইজে ধাৰাবাহিক আন্দোলন গঢ়ি তুলিব বুলিও হুংকাৰ দিয়ে।