NORTHEAST NOW (Assamese)

মণিপুৰত পুনৰ উত্তেজনা, উখৰুল জিলাৰ লিটান অঞ্চলত দুই জনগোষ্ঠীৰ মাজত সংঘৰ্ষ

February 9, 2026 10:43 am · এন ই নাও নিউজ, গুৱাহাটী

ৰাষ্ট্ৰপতিৰ শাসন প্ৰত্যাহাৰৰ পিছত মণিপুৰত গঠন হৈছে নতুন চৰকাৰ। কিন্তু  উত্তৰ-পূৰ্বাঞ্চলৰ এই ৰাজ্যখনত হিংসা বন্ধ হোৱা নাই। দেওবাৰে উখৰুল জিলাত নতুনকৈ সংঘৰ্ষৰ ফলত মণিপুৰৰ পাহাৰীয়া জিলাৰ একাংশ অঞ্চলত উত্তেজনা বিয়পি পৰিছে।

বাতৰি মতে, দেওবাৰে সন্ধিয়া লিটান গাঁৱত দুটা জনগোষ্ঠীৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয়। শিলগুটি নিক্ষেপ কৰাও হয়। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ প্ৰশাসনে লিটান অঞ্চলত ব্যাপক নিষেধাজ্ঞা আৰোপ কৰে।

জানিব পৰা মতে লিটান গাঁৱত দুটা গোটৰ মাজত নতুনকৈ সংঘৰ্ষৰ ফলত অঞ্চলটোত ব্যাপক উত্তেজনা বিয়পি পৰিছে। দুয়োটা দলৰ মাজত কেৱল শিলগুটি নিক্ষেপ কৰাই নহয় সম্পত্তিত জুই লগাই দিয়াৰ অভিযোগো উত্থাপন হৈছে। স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে যে কেইবা জাই গুলীচালনাও হৈছে। ইয়াৰ পিছতে আৰক্ষীয়ে কন্দুৱা গেছৰ গোলা মাৰি ৰাইজক ছত্ৰভংগ দিয়ে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে অঞ্চলটোত বৃহৎ নিৰাপত্তা বাহিনী মোতায়েন কৰা হয়।

সংবাদ সংস্থাৰ সূত্ৰ অনুসৰি লিটান গাঁৱৰ টাংখুল সম্প্ৰদায়ৰ এজন সদস্যক ৭-৮জন লোকে নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে। প্ৰথম অৱস্থাত এই বিষয়টো ভুক্তভোগী আৰু স্থানীয় গাঁওবুঢ়াৰ মাজত আলোচনা হৈছিল আৰু দুয়োপক্ষই সমস্যা সমাধানৰ বাবে সন্মতি প্ৰকাশ কৰিছিল। কিন্তু পিছত ছিকিবুঙৰ পৰা অহা গাঁওবাসীৰ এটা দলে লিটানৰ মুৰব্বীৰ ঘৰত আক্রমণ কৰাত অশান্তিৰ সৃষ্টি হয়।

আক্ৰমণকাৰীয়ে কেইবা জাই গুলীচালনা কৰাৰ লগে লগে উত্তেজনা আৰু বাঢ়ি যায়। আনটো পক্ষই প্ৰতিশোধৰ বাবে তেওঁলোকৰ ওপৰত শিলগুটি নিক্ষেপ কৰে। ইয়াৰ ফলত অশান্তিৰ সৃষ্টি হয়। পিছত তথ্য লাভ কৰাৰ লগে লগে নিৰাপত্তা বাহিনীয়ে অঞ্চলটোত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। বৰ্তমানেও অঞ্চলটোত উত্তেজনা অব্যাহত আছে।

উখৰুল জিলাৰ দণ্ডাধীশ আশীষ দাসে জনায় যে অশান্ত পৰিস্থিতিত কাকো ঘৰৰ পৰা ওলাই আহিবলৈ দিয়া হোৱা নাই। সমগ্ৰ অঞ্চলটোত নিৰাপত্তা বাহিনীৰ টহল চলি আছে। কোনো হিংসাত্মক কাৰ্যকলাপ দেখা পালে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশনাও দিয়া হৈছে।

Related News