NORTHEAST NOW (Assamese)

WHOৰ প্রধানে ক’লে; ‘ভেকচিনলৈ অপেক্ষা নকৰিব, হাতত যি আছে তাৰে প্ৰাণ ৰক্ষা কৰক!’

October 13, 2020 4:30 pm · এন ই নাও নিউজ
Updated: October 13, 2020 4:36 pm

কোভিড সন্ত্ৰাসত ত্ৰস্তমান সমগ্ৰ বিশ্বই অধীৰে অপেক্ষা কৰি আছে কোভিড ভেকচিনৰ।

তেনে এক সময়তে WHOএ বিশ্ববাসীক পৰামৰ্শ দি কৈছে যে কোভিড১৯ৰ ভেকচিনলৈ আৰু অপেক্ষা নকৰিব।

ইতিমধ্যে খবৰ আহিছে কোভিড১৯ৰ অন্য এটা প্ৰথমশাৰীৰ ভেকচিনৰ ট্ৰায়েলতো পাৰ্শ্বপ্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ইয়াৰ পিছতে কোভিড১৯ৰ ভেকচিনকলৈ বিশ্ববাসীৰ মাজত উৎকণ্ঠাৰ আৰু বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে।

লগতে পঢক :  দুঃসম্বাদ! : অক্সফোৰ্ডৰ পিছত বিশ্বৰ অন্য এটা প্ৰথমশাৰী কোভিড ভেকচিনৰো পাৰ্শ্বপ্ৰতিক্ৰিয়াৰ সৃষ্টি, টায়েল বন্ধ!

তেনে সময়তে WHOৰ প্ৰধান টেড্ৰ’জ আধানম ঘেব্ৰিয়েচুচে বিশ্ববাসীক কয় “যেতিয়া কোনো ভেকচিন নিৰাপদ আৰু কাৰ্যকৰী তথা সফল বুলি প্ৰমাণ হ’ব, তেতিয়া বিশ্বৰ সকলো দেশকে সমভাৱে ভেকচিনটো প্ৰদান কৰা হ’ব। কিন্তু আমি কেৱল ভেকচিনলৈ অপেক্ষা কৰি থাকিলে নহ’ব। আমাৰ হাতত যি আছে তাৰেই আমি প্ৰাণ ৰক্ষা কৰিব লাগিব।” পূৰ্বাঞ্চলীয় ভূমধ্যসাগৰীয় আঞ্চলিক কমিটিৰ এখন বৈঠকত এইদৰে মন্তব্য কৰে ঘেব্ৰিয়েচুচে।

যিবোৰ দেশত কোভিড সংক্ৰমণ বৃদ্ধি পাইছে যেইবোৰ দেশে চাৰিটা সতৰ্কতামূলক বিষয়ত গুৰুত্ব দিব লাগিব বুলিও কয়ে WHOৰ প্ৰধানে। সামাজিক দূৰত্ব বৰ্তাই ৰখা, মাস্ক পৰিধান, চেনিটাইজাৰ কৰা আদিৰ ওপৰতো গুৰুত্ব দিয়ে তেওঁ।

ষ্টেডিয়াম, নাইট ক্লাৱ, উপাসনা স্থল আৰু অন্যান্য ভিৰ হোৱা ঠাইৰ পৰা ব্যাপক ৰূপত ই পৃথিৱীত সংক্ৰমণ হ’বলৈ পালে বুলিও মন্তব্য কৰে WHOৰ প্ৰধানে।

“এবছৰ আগতে যেতিয়া এই কমিটিৰ বৈঠক হৈছিল, তেতিয়া কোভিড১৯ আমাৰ বাবে সম্পূৰ্ণ অপৰিচিত আছিল” বুলি কৈ তেওঁ লগতে কয় যে ক’ৰ’ণাই কেৱল পৃথিৱীৰ স্বাস্থ্য ব্যৱস্থাকে নহয়, সমাজ অৰ্থনীতিতো গভীৰভাৱে প্ৰভাৱ পেলাইছে।

Related News