NORTHEAST NOW (Assamese)

কিয় ‘কা’ৰ সমৰ্থনত ভোট দিছিল অগপ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই? ক’লে অতুল বৰাই

December 8, 2020 9:25 pm · কল্পজ্যোতি শইকীয়া

কিয় ‘কা’ৰ সমৰ্থনত ভোট দিছিল অগপ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই? সেই কথা আজি বিৱৰী ক’লে অগপ সভাপতি অতুল বৰাই।

আজি আমবাৰীস্থিত অগপৰ মুখ্য কাৰ্য্যালয়ত অনুষ্ঠিত হোৱা কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকৰ পাছতে এই সন্দৰ্ভত মুখ খুলি চালে বেৰে কোবাই বক্তব্য ৰাখে অতুল বৰাই।

তেওঁ কয় ‘কংগ্ৰেছৰ ঔপনিৱেশিক শাসন ওৰ পেলাবৰ কাৰণে দিল্লীত ভাৰতীয় জনতা পাৰ্টীৰ সৈতে মিত্ৰতা কৰিছিলো। NDA ৰ পৰা কেতিয়াও আঁতৰি নাহো।’

‘যদি আমি ভোটটো কেবৰ বিৰুদ্ধে দিওঁ তেন্তে নীতিগতভাৱে আমি NDAৰ পৰা আঁতৰি আহিব লাগিব। তেনে স্বাৰ্থতে অসম গণ পৰিষদৰ যিগৰাকী সাংসদ আছিল তেঁৱো কেবৰ সপক্ষে ভোট দিছিল।‘ এইদৰে কয় অতুল বৰাই।

ইপিনে, কাৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰাখিছো বুলি দায়সৰা মন্তব্য কৰি বৰাই লগতে কয় ‘আমাৰ হাতত এটাই উপায় হৈছে সেয়া হৈছে আদালত। আদালতৰ বাহিৰে কা খন বাতিল কৰাৰ অন্য বিকল্প নাই। আমি বাস্তৱ দৃষ্টিভংগী ৰাখিয়েই উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছো।‘

‘যদি কা খন বলবৎ হয় তেন্তে সময়ত সিদ্ধান্ত ল’ম, কিন্তু এতিয়া ধাৰণাৰ ওপৰত একো নকওঁ। অসম গণ পৰিষদ শাসনলৈ আহিলে বিদেশীখিনি খেদিব বুলি জনসাধাৰণে মিছা আশা কৰিছিল। অসম গণ পৰিষদে অকলে বিদেশী খেদিব নোৱাৰে। বাংলাদেশৰ লগত বুজা-বুজি কৰিবলৈ ভাৰত চৰকাৰৰ সহায় লাগিব।‘ নিজৰ দোষ ঢাকিবলৈ গৈ তাহানিৰ অগপ চৰকাৰকে সমালোচনা কৰে অতুল বৰাই।

ইপিনে, অতুল বৰাৰ মুখৰ পৰাই মিত্ৰতা অবিহনে যে দলটো শূন্য সেই কথা স্পষ্টকৈ প্ৰকাশ পায়।

তেওঁ কয় ‘আমি মিত্ৰতাৰ ৰাজনীতিত বিশ্বাস কৰো আৰু মিত্ৰতাৰ নীতিৰেই ভৱিষ্যতেও আগবাঢ়ি যাম। পূৰ্বেও চিপিআই, চিপিএম আৰু বিজেপিৰ লগত মিত্ৰতা হৈছে এইবাৰেই প্ৰথম নহয়।‘

Related News