NORTHEAST NOW (Assamese)
দেশ

“চাৰ্জিকেল ষ্ট্ৰাইক দেখা নাই কিয়” কংগ্ৰেছ সাংসদৰ বিস্ফোৰণ : “পাকিস্তানলৈ গৈ চাই আহক”, প্ৰত্যুত্তৰ বিজেপিৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 3, 2025 11:08 am

পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত এতিয়া সমগ্ৰ দেশে বিচাৰিছে প্ৰতিশোধ, বিচাৰিছে ভাৰতীয় সৈন্যই উচিত শিক্ষা দিয়ক পাকিস্তানক। ইয়াৰ মাজতে কংগ্ৰেছৰ সাংসদ তথা পঞ্জাৱৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চৰণজিৎ সিং চান্নীয়ে উত্থাপন কৰিছে এক বিস্ফোৰণ অভিযোগ। ২০১৯ চনত পুলৱামাত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ আঁত ধৰি তেওঁ চাৰ্জিকেল ষ্ট্ৰাইক সম্পৰ্কে কৰা এক মন্তব্যই এতিয়া বিতৰ্কৰ সৃষ্টি কৰিছে। তেওঁ মন্তব্য কৰে যে ২০১৯ চনত ভাৰতে পাকিস্তানত কৰা চাৰ্জিকেল ষ্ট্ৰাইক কোনেও দেখা নাছিল।

সংবাদমেলত চান্নীয়ে কয় যে আজিলৈকে পাকিস্তানত কত চাৰ্জিকেল ষ্ট্ৰাইক কৰা হৈছিল সেই কথা জানিব পৰা নাই। তাত কিমান লোকৰ মৃত্যু হৈছে সেয়াও আমি নাজানো। গতিকে, মই ইয়াৰ প্ৰমাণ বিচাৰোঁ।”

তেওঁ কয় যে পেহেলগাম আক্ৰমণৰ পিছত কংগ্ৰেছে ৰাজহুৱাভাৱে চৰকাৰৰ প্ৰতি সমৰ্থন প্ৰকাশ কৰিছে। আমি বিচাৰোঁ যে চৰকাৰে কিবা এটা কৰক। এই আক্ৰমণৰ ফলত ক্ষতিগ্ৰস্ত সকলোৱে ন্যায় বিচাৰিছে।

প্ৰধানমন্ত্ৰীক পৰোক্ষভাৱে আক্ৰমণ  কৰি দি তেওঁ কয়, “পেহেলগাম আক্ৰমণৰ দহ দিন পাৰ হৈ গ’ল। এতিয়াও চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। পাকিস্তানৰ বিৰুদ্ধে চৰকাৰে কি ব্যৱস্থা ল’ব সেয়া চাবলৈ সমগ্ৰ দেশেই অপেক্ষা কৰি আছে। দেশখনে ৫৬ ইঞ্চিৰ বুকুৰ পদক্ষেপ চাব বিচাৰে।”

এই সন্দৰ্ভত কংগ্ৰেছক প্ৰত্যুত্তৰ দিছে বিজেপিয়ে। দিল্লীৰ মন্ত্ৰী মঞ্জিন্দৰ সিং ছিৰছাই কয়, “চাৰ্জিকেল ষ্ট্ৰাইক সন্দৰ্ভত চৰণজিৎ সিং ছিৰছাৰ বক্তব্য কংগ্ৰেছ আৰু গান্ধী পৰিয়ালৰ লেতেৰা মানসিকতাৰ প্ৰকাশ পাইছে।”তেওঁ আৰু কয়, “যদি আপুনি প্ৰমাণ চাব বিচাৰে তেন্তে ৰাহুল গান্ধীৰ সৈতে পাকিস্তানলৈ যাব লাগে। পাকিস্তানে নিজেই কৈছে যে ভাৰতে চাৰ্জিকেল ষ্ট্ৰাইক কৰি বহু ক্ষতি কৰিছে। এনে মন্তব্যক মই তীব্ৰ গৰিহণা দিছো।”