NORTHEAST NOW (Assamese)
অসম

সংবাদমেলত ৰিপুণ বৰাৰ কটাক্ষ, “বিজেপিয়ে এতিয়া কিয় NRC-ৰ ক্ৰেডিট নলয়?”

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া September 11, 2019 1:00 pm

কেন্দ্ৰ আৰু ৰাজ্যত শাসনৰ বাঘজৰী ধৰি থকা বিজেপিক কেৱল ভোটৰ স্বাৰ্থতহে বিদেশী খেদাৰ কথা কোৱা দল আখ্যা দিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই।

আজি ভঙাগড়স্থিত ৰাজীৱ ভৱনত বৰাই এখন সংবাদমেল আয়োজন কৰি এন আৰ চি প্ৰসংগত শাসনাধিষ্ঠিত দলটোক সমালোচনাৰে থকাসৰকা কৰে।

“বিজেপিয়ে এতিয়া এন আৰ চি উন্নীতকৰণৰ কৃতিত্ব ল’বলৈ নাহে কিয়” বুলি কটাক্ষ কৰি তেওঁ খচৰা প্ৰকাশৰ পিছত কৃতিত্ব লোৱা বিজেপিৰ দুমুখীয়া চৰিত্ৰ মানুহৰ আগত দাঙি ধৰিব বুলি কয়।

প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনৰ মতে বিজেপিয়ে বিদেশীৰ বজাৰ খুলিব বিচাৰিছে। এন আৰ চিত বিদেশীৰ নাম সোমোৱা বাবে দলটোক দোষাৰোপ কৰি কয়, “এতিয়া যে বিজেপিয়ে কান্দিছে আগতে কিয় আপত্তি নকৰিলে? বিজেপিয়ে কিয় এইখনক অগ্ৰাহ্য কৰিছে? দলটোৱে কেৱল ভোটৰ স্বাৰ্থতহে বিদেশী খেদাৰ কথা কৈ থাকে।”

ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে “এইখন আমি মানি নলওঁ কাৰণ ইয়াত ৰামভক্ত, হনুমান ভক্তৰ নাম নাই” বুলি কোৱা মন্তব্যকো সমালোচনা কৰে বৰাই।

তেওঁ কয়, যদি ইয়াত বিদেশীৰ নাম সোমাইছে তেনেহ’লে ইয়াৰ সমাধান কৰক কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰে। ৭-৮বাৰকৈ এজন এজন মানুহক বিভিন্ন ঠাইত শুনানিৰ বাবে মতাৰ পিছতো যদি বিদেশীৰ নাম সোমাইছে তেনেহ’লে ইয়াৰ বাবে বিজেপি চৰকাৰ দায়ী।

কংগ্ৰেছে এন আৰ চি বনোৱা হ’লে কোনো ভাৰতীয়ৰ নাম বাদ নপৰিল হেঁতেন আৰু এখন ঐতিহাসিক এন আৰ চি অসমৰ ৰাইজে পালেহেঁতেন বুলিও দাবী কৰে সভাপতি বৰাই।

“অমিত শ্বাহে কৈ গ’ল যে অসমত অনুচ্ছেদ ৩৭১ অক্ষুণ্ণ ৰাখিব। কিন্তু অসমত ৩৭১ উঠাই লোৱাৰ কথা কোনেও নোকোৱাকৈ এইদৰে কোৱাটোৰ মানে এইটো নেকি যে বিজেপিক অসমৰ ৰাইজে পূজা কৰি থাকিব লাগিব, যদিহে ৩৭১ অনুচ্ছেদ অক্ষুণ্ণ ৰাখিব লাগে”, ৰিপুণ বৰাই কয়।

“অমিত শ্বাহে সিদিনা কেব আনিম বুলি কওঁতে ৩জন মুখ্য মন্ত্ৰীয়ে সন্মুখতে প্ৰতিবাদ কৰিব পাৰিলে, কিন্তু জাতীয় নায়ক হৈ সৰ্বানন্দই প্ৰতিবাদ কৰিব নোৱাৰিলে?”, কটাক্ষ সভাপতি বৰাৰ।

সংবাদমেলত উপস্থিত থকা চামগুৰিৰ বিধায়ক ৰকিবুল হুছেইনে কয়, বিজেপি চৰকাৰখনে নিজে দায়িত্ব পালন নকৰি এতিয়া ৰাইজৰ ওচৰত প্ৰতীক হাজেলাক দোষী সজাব বিচাৰিছে।

“বিজেপিয়ে এন আৰ চি আৰম্ভ কৰিছে বুলি সকলোকে কৈ ফুৰিছিল। কিন্তু সেই বিজেপিয়ে আজি কৈছে আমাৰ গাত দোষ নাই, প্ৰতীক হাজেলাৰ ওপৰত দোষ আছে”, বিজেপিৰ পৰিৱৰ্তিত স্থিতিক আক্ৰমণ কৰি হুছেইনে কয়।

তেওঁ কয় যে উচ্চতম ন্যায়ালয়ে কামবোৰ তদাৰকহে কৰিছে। তেওঁলোক ইয়াৰ লগত প্ৰত্যক্ষভাবে জড়িত নহয়। আচল কামবোৰ বিজেপিয়েহে কৰিছে।

“বিজেপিৰ কাৰোৰে প্ৰতি আন্তৰিকতা নাই। ২৪ ঘণ্টাই বিদ্যুৎ দিম বুলি মানুহক প্ৰতিশ্ৰুতি দিছিল, কিন্তু এতিয়া ঘণ্টাত ২৪ বাৰকৈ বিদ্যুৎ কৰ্তন হয়”, কংগ্ৰেছ বিধায়কজনে কয়।