পথতে গুলীয়াই হত্যা ষ্টে’ট বেংকৰ মহিলা বিষয়াক, গুৱাহাটীৰ কাষৰীয়া আগিয়াঠুঁৰিত চাঞ্চল্য
গাড়ীৰ ভিতৰতে গুলীবিদ্ধ মহিলাগৰাকী। ছবি- নৰ্থ ইষ্ট নাও।
মটৰ চাইকেলত অহা দুজন অচিনাক্ত বন্দুকধাৰীৰ গুলীত গুৱাহাটীৰ কাষৰীয়া দদৰা আৰক্ষী থানাৰ অন্তৰ্গত আগিয়াঠুঁৰিত মঙলবাৰে সন্ধিয়া জুনু শৰ্মা নামৰ এগৰাকী মহিলা বেংক বিষয়া নিহত হৈছে।
গুৱাহাটীৰ চানমাৰিৰ নিজৰাপাৰৰ বাসিন্দা শৰ্মা ষ্টে’ট বেংক অৱ ইণ্ডিয়াৰ দদৰা শাখাৰ সহকাৰী পৰিচালক আছিল।
সূত্ৰ অনুসৰি ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ আগিয়াঠুঁৰিৰ হাজো ৰ’ডত মহিলাগৰাকীক নিজৰ গাড়ীত গৈ থকা অৱস্থাতে দুৰ্বৃত্তই গুলী চলাইছিল। দুৰ্বৃত্তকেইজন গুলী চলায়েই ঘটনাস্থলীৰ পৰা পলাই যাবলৈ সক্ষম হয়।
জানিব পৰা মতে বেংকৰ পৰা ঘৰলৈ নিজা চাৰিচকীয়া গাড়ীৰে (নং AS-01AG-6869) আহি থকা অৱস্থাতে ঘটনাটো সংঘটিত হয়। আৰক্ষীয়ে ইতিমধ্যে সোধা-পোছাৰ বাবে বিষয়াগৰাকীৰ গাড়ীচালক প্ৰদীপ কলিতাক আটক কৰিছে।
গুলীবিদ্ধ শৰ্মাক লগে লগে আমিনগাঁৱৰ নাৰায়না হ্ৰুদয়ালয়া হস্পিটেললৈ নিয়া হৈছিল যদিও চিকিৎসকে তেওঁক বচাব নোৱাৰিলে।