NORTHEAST NOW (Assamese)
Popular Stories

কেন্দ্ৰৰ নতুন নিৰ্দেশ! বিবাহৰ আগৰ উপাধি ব্যৱহাৰ বা বিবাহ বিচ্ছেদ; NOC লাগিব স্বামীৰ

Posted by: এন ই নাও নিউজ, নতুন দিল্লী Updated by: এন ই নাও নিউজ, নতুন দিল্লী March 3, 2024 12:47 pm

বিয়াৰ পিছত বহুসময়ত পত্নীয়ে স্বামীৰ উপাধি ব্যৱহাৰ কৰে। কিন্তু বিবাহ বিচ্ছেদৰ পিছত সেই উপাধিটো ছিন্ন কৰিব বিচাৰিলে মহিলাসকলে সমস্যাৰ সন্মুখীন হ’ব। কিয়নো উপাধি সলনি কৰিবলৈ হ’লে প্ৰয়োজন হ’ব স্বামীৰ NOC-ৰ।

অন্ততঃ দিব্যা মোদীৰ ক্ষেত্ৰত তেনেকুৱাই হ’ল৷ অধিসূচনাত কোৱা হৈছে যে স্বামীৰ NOC বাধ্যতামূলক। ইয়াতেই আপত্তি তুলি দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে মহিলাগৰাকীয়ে।

দিব্যাই কয় যে বিয়াৰ পিছত তেওঁ স্বামীৰ উপাধিটো নিজৰ নামৰ সৈতে ব্যৱহাৰ কৰিছিল। তেওঁৰ নাম হৈছিল দিব্যা মোডী টংগা। কিন্তু এতিয়া তেওঁ বিবাহ বিচ্ছেদৰ পথত। সেই গোচৰটোও আদালতত চলি আছে। এনে অৱস্থাত তেওঁ স্বামীৰ উপাধিটো ৰাখিব নিবিচাৰে।

লগতে পঢ়কঃ ডুবিল দেশৰ নাম! ঝাৰখণ্ড ভ্ৰমণৰ সময়ত দলবদ্ধ ধৰ্ষণৰ বলি হ’ল স্পেনিছ মহিলা

কিন্তু এই আবেদন দিবলৈ গৈয়ে তেওঁ বিপদত পৰিছে। উপাধি সলনিৰ বাবে আবেদন কৰাৰ পিছতে তেওঁ এখন চৰকাৰী অধিসূচনা লাভ কৰে। য’ত কোৱা হৈছে যে মহিলাগৰাকীয়ে উপাধি সলনিৰ বাবে নথি দেখুৱাব লাগিব। হয় স্বামীৰ অনুমতি পত্ৰ বা NOC লাগিব।

কৰঞ্জৱালা এণ্ড কোম্পানীৰ জৰিয়তে দাখিল কৰা মহিলাগৰাকীৰ আৱেদনত এই অধিসূচনাখন “বৈষম্যমূলক, একপক্ষীয় আৰু অযুক্তিকৰ” আৰু ভাৰতীয় সংবিধানৰ ১৪, ১৯ আৰু ২১ নং অনুচ্ছেদৰ অধীনত তেওঁৰ মৌলিক অধিকাৰ খৰ্ব কৰা বুলি উল্লেখ কৰা হৈছে।

লগতে পঢ়কঃ প্ৰেম বিবাহত বিবাহ বিচ্ছেদ বেছি! কেন্দ্ৰক বিবাহ আইন সংশোধনৰ পৰামৰ্শ আদালতৰ

আবেদনকাৰীৰ উপাধি সলনি কৰাৰ অধিকাৰ সম্পৰ্কীয় অধিসূচনাখন ‘এক বাধা হৈ পৰিছে’ বুলিও আবেদনখনত দাবী কৰা হৈছে। ইয়াৰ উপৰিও মহিলাৰ প্ৰতি শত্ৰুতাপূৰ্ণ আচৰণ, তেওঁলোকৰ ব্যক্তিগত গোপনীয়তাত হস্তক্ষেপ কৰাৰ অভিযোগো অন্তৰ্ভুক্ত কৰা হৈছে।