NORTHEAST NOW (Assamese)
অসম

২৪ ঘণ্টাত বোকাখাতত দ্বিতীয়তো হত্যাকাণ্ড; পুৰুষৰ দাৰ ঘাপত প্ৰাণ গ’ল মহিলাৰ

Posted by: উত্তম শইকীয়া Updated by: উত্তম শইকীয়া April 25, 2020 5:16 pm

যোৱা মাত্ৰ ২৪ ঘণ্টাৰ ভিতৰতে দুটাকৈ লোমহৰ্ষক হত্যাকাণ্ডই বোকাখাতক জোকাৰি যায়। শুকুৰবাৰে নুমলীগড়ত এজন যুৱকে নিজ পত্নীক দাৰে ঘপিয়াই নৃশংসভাৱে হত্যা কৰাৰ উত্তেজনা মাৰ নৈ যাওঁতেই আজি পুনৰ মহকুমাটোত আন এক হত্যাকাণ্ড সংঘৰ্টিত হয়।

আজিৰ হত্যাকাণ্ড সংঘটিত হয় বোকাখাতৰ বৰভেটা গাঁৱত। গাওঁখনৰ লোক এঘৰত আশ্ৰয় লৈ থকা এজনে লোকে দাৰে পৰিয়ালটোৰ এগৰাকী মহিলাক ঘপিয়াই হত্যা কৰে।

জানিব পৰা মতে হত্যাকাণ্ড সংঘটিত কৰা দেৰগাঁৱৰ দাধৰাৰ অনিল তাঁতী নামৰ লোকজনে বৰভেটা গাঁৱৰ শ্যামলাল মুণ্ডা নামৰ এগৰাকী ব্যক্তিৰ ঘৰত আশ্ৰয় গ্ৰহণ কৰি আছিল।

এই অনিল তাঁতীয়েই ঘৰত কোনো নথকাৰ সুযোগ লৈ শ্যামলাল তাঁতীৰ পৰিবাৰ মনিকা মুণ্ডা তাঁতীক সামান্য কথাতে দাৰে ঘপিয়াই হত্যা কৰে। মহিলাগৰাকীক হত্যা কৰিয়েই অনিল তাঁতীয়ে বৰভেটা গাঁৱৰ পৰা পলায়ন কৰে যদিও পাচত বোকাখাতৰ আৰক্ষীয়ে সাপজুৰিৰ জাপৰি পথাৰৰ পৰা তেওঁক কৰায়ত্ত কৰিবলৈ সক্ষম হয়।

ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে অনিল তাঁতীয়ে হত্যাকাণ্ডত ব্যৱহাৰ কৰা দাখন উদ্ধাৰ কৰে। কি কাৰণে অনিল তাঁতীয়ে মনিকাক হত্যা কৰিলে এতিয়াও জানিব পৰা হোৱা নাই। ঘটনাস্থলীৰ পৰা মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।

লগতে পঢ়ক নুমলীগড়ত লোমহৰ্ষক হত্যাকাণ্ড; স্বামীৰ উপৰ্যুপৰি দাৰ ঘাপত নিহত পত্নী