NORTHEAST NOW (Assamese)

মর্মান্তিক! আৰক্ষীৰ চাকৰিৰ বাবে শাৰীৰিক অনুশীলনত ব্যস্ত থাকোতেই যুৱকৰ মৃত্যু

September 28, 2020 1:32 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ফটো।

শিৱসাগৰৰ আমগুৰিত সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা।

অসম আৰক্ষীৰ চাকৰিৰ বাবে শাৰীৰিক অনুশীলনত ব্যস্ত হৈ থকা এজন যুৱকে মৃত্যুক সাৱটি লোৱাৰ ঘটনা সংঘটিত হৈছে।

শিৱসাগৰৰ আমগুৰিৰ চামগুৰি অঞ্চলত আৰক্ষীৰ চাকৰিৰ বাবে শাৰীৰিক অনুশীলন ব্যস্ত আছিল যুৱকজন।

জানিব পৰা মতে, আমগুৰিৰ চামগুৰি বালি পথাৰ অঞ্চলৰ খগেন ফুকনৰ একমাত্ৰ পুত্ৰ মনোজ ফুকনৰ অনুশীলন স্থলীতে মৃত্যু হয়।

যুৱকজনৰ এনে অকাল মৃত্যুৰ বাতৰি পাই অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে।

ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে আৰক্ষীৰ চাকৰিৰ বাবে অনুশীলনৰ সময়তে এইদৰে মৃত্যুক সাৱটি লোৱা যুৱকজনৰ পৰিয়াললৈ ২০ লাখ টকাৰ ক্ষতিপূৰণ আদায় দিবলৈ চৰকাৰৰ ওচৰত দাবী জনাইছে।

উল্লেখ্য যে অসম আৰক্ষীত চাকৰিৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰাৰ পাছত ৰাজ্যখনৰ বহুতো যুৱকে আবেদন কৰাৰ পাছৰে পৰা শাৰীৰিক অনুশীলনত ব্যস্ত হৈ পৰিছিল।

অৱশ্যে, শেহতীয়াকৈ আৰক্ষী উপ-পৰিদৰ্শকৰ লিখিত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ পাছতে আৰক্ষীত নিযুক্তি কেলেংকাৰিৰ ঘটনা উন্মোচিত হৈ পৰিছে।

Related News