NORTHEAST NOW (Assamese)

জুবিনৰ মৃত্যুৰ প্ৰাথমিক তদন্তত ফাউল প্লে’ৰ ইংগিত পোৱা নাই ছিংগাপুৰ আৰক্ষীয়ে!

October 17, 2025 2:56 pm · এন ই নাও নিউজ, গুৱাহাটী

জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে আৰু তিনিমাহ সময় লাগিব ছিংগাপুৰ আৰক্ষীক। ইয়াৰ পাছত এই তথ্যসমূহ অধিক বিশ্লেষণৰ বাবে ষ্টেট কনাৰৰ ওচৰত দাখিল কৰা হব বুলি শুকুৰবাৰে (১৭ অক্টোবৰ) ছিংগাপুৰ আৰক্ষীয়ে এক বিবৃতি প্ৰকাশ কৰে।

ছিংগাপুৰ আৰক্ষী বাহিনীয়ে বিবৃতিযোগে কয় যে ‘জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তত আৰু তিনি মাহমান সময় লাগিব পাৰে।

বিবৃতিটোত কোৱা হৈছে যে এছ পি এফৰ তদন্ত সম্পূৰ্ণ হোৱাৰ পাছত এই তথ্য ছিংগাপুৰৰ ষ্টেট কনাৰক দাখিল কৰা হ, আৰু তাৰ পৰৱৰ্তী সময়ত নাৰ পৰীক্ষা (চি আই) অনুষ্ঠিত কৰা হ’ব নে নহয় সেইটো নিৰ্ধাৰণ কৰা হ’ব।

উল্লেখ্য যে নাৰ তদন্ত হৈছে মৃত্যুৰ কাৰণ আৰু পৰিস্থিতি নিৰ্ণয় কৰিবলৈ ন্যায়িক বিষয়াৰ নেতৃত্বত চলা এক তথ্য বিচাৰি উলিওৱা প্ৰক্ৰিয়া

এছ পি এফে জনোৱা মতে, তদন্ত চলি থকাৰ পাছতো গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন আৰু প্ৰাৰম্ভিক তথ্যৰ প্ৰতিলিপি  ১ অক্টোবৰত ভাৰত উচ্চায়ুক্তক প্ৰদান কৰা হৈছে।

তদুপৰি প্ৰাথমিক তদন্তত গাৰ্গৰ মৃত্যু কোনো ধৰণৰ ফাউল প্লে’ বা অপৰাধমূলক ষড়যন্ত্ৰৰ প্ৰমাণ পোৱা নাই বুলি ছিংগাপুৰ আৰক্ষীয়ে উল্লেখ কৰে

Related News