NORTHEAST NOW (Assamese)

আদৰৰ জুবিনক চাবলৈ জালুকবাৰীত এইদৰেই ভিৰ কৰিলে অনুৰাগীয়ে

September 21, 2025 7:05 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: September 21, 2025 7:18 am

আদৰৰ জুবিনক চাবলৈ জালুকবাৰীত এইদৰেই ভিৰ কৰিলে অনুৰাগীয়ে

জুবিন গাৰ্গক বৰঝাৰ বিমান বন্দৰত এবাৰ চাবলৈ অপেক্ষা কৰিছে প্ৰতিগৰাকী অনুৰাগী আৰু গুণমুগ্ধ। নিশাৰে পৰা হাজাৰ-হাজাৰ অনুৰাগীৰে ভৰি পৰিছে বৰঝাৰ বিমান বন্দৰ।

বৰঝাৰৰ সমান্তৰালকৈ সৰুসজাইৰ ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পতো অনুৰাগীৰে ভৰি পৰিছে। নিশাৰে পৰা সৰুসজাইৰ ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত সোঁত ব’বলৈ ধৰিছে অজস্ৰ অনুৰাগীৰ।

পুৱা ৯ বজাৰ পৰা সন্ধিয়া ৭ বজালৈ গুণমুগ্ধ সৰুসজাইত শ্ৰদ্ধাঞ্জলি জনাব পাৰিব শিল্পীগৰাকীক।

Related News