• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, May 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আজি মাধৱদেৱৰ তিৰোভাৱ তিথি; হৰিনামৰ ধ্বনিৰে মুখৰিত মাজুলীৰ আকাশ-বতাহ

মিটু খাটনিয়াৰ by মিটু খাটনিয়াৰ
August 31, 2018 6:17 pm
Madhab dev tithi
468
VIEWS
Share on FacebookShare on Twitter

অসমীয়া সমাজ জীৱনৰ অন্যতম পুৰোধা ব্যক্তি তথা বৃহত্তৰ অসমত নৱ-বৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ আজি তিৰোভাৱ তিথি। মণি-কাঞ্চন সংযোগ ক্ষেত্ৰ নদী দ্বীপ মাজুলীৰ ২০০ ৰো অধিক নামঘৰ তথা ৩৫ খন সত্ৰত অতি আধ্যাত্মিকতাৰে গুৰুজনাৰ তিৰোভাৱ তিথি উদযাপন কৰা হৈছে।

মাজুলীৰ আকাশ-বতাহ হৰিনামৰ অমিয়া সুৰৰ লগতে ঘোষা, পুথিপাঠ তথা খোল-তাল, নাগাৰা, ডবা, শংখ আদিৰ মন-প্ৰাণ পুলকিত কৰা ধ্বনিৰ সমাহাৰে মুখৰিত হৈ এক আধ্যাত্মিক পৰিবেশৰ সৃষ্টি কৰিছে।

পুৱাৰে পৰা মাজুলীৰ জনজাতীয় অধ্যুষিত অঞ্চলসমুহৰ প্ৰতিটো নামঘৰতে ভক্তসৱে সমবেত হৈ ঐক্য-সংহতিৰ উৎকৃষ্ট নিদৰ্শনেৰে জ্যেষ্ঠজনৰ পৰা কনিষ্ঠজনলৈকে সকলোয়ে উচ্চ-নীচ ভেদাভেদ পাহৰি ৰাজহুৱাভাবে উৎসাহ-উদ্দীপনাৰ মাজেৰে তিথিভাগ পালন কৰিছে ৷

মাজুলীৰ গাঁৱে গাঁৱে, নামঘৰে নামঘৰে ধূপ-ধূনা, ফল-মূলৰ আমোল-মোলোৱা সুৱাস তথা চাকি-বন্তি, শৰাই, নৈবদ্য আদিৰে ভৰি পৰি নান্দনিক পৰিবেশৰ উদ্ভৱ ঘটাই শিশু-মহিলা-আৱাল-বৃদ্ধ-বণিতা সকলোৰে মন পুলকিত কৰি তুলিছে ৷

ইফালে, জিলাখনৰ ঠায়ে ঠায়ে একাংশ নামঘৰ, সত্ৰ বা আন ধৰ্মীয় অনুষ্ঠান-প্ৰতিষ্ঠান আদিত মহাপুৰুষজনাৰ তিৰোভাৱ তিথিৰ লগত সংগতি ৰাখি নাম-কীৰ্তনৰ উপৰি ধৰ্মীয় শোভাযাত্ৰা, আলোচনাচক্ৰ, বক্তৃতানুষ্ঠান, অংকীয়া ভাওনা প্ৰদৰ্শন, সত্ৰীয়া নৃত্য-গীতৰ অনুষ্ঠানকে ধৰি নানা সাংস্কৃতিক কাৰ্যসূচী নগঞা ধৰ্মপ্ৰাণ ৰাইজে ৰূপায়ণ কৰাৰ উপৰি সন্ধিয়া প্ৰায় প্ৰতিঘৰ গৃহস্থিৰে পদূলিত বন্তি প্ৰজ্বলন কৰি মহাপুৰুষজনাৰ প্ৰতি আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছে।

Recent News

পঞ্চায়তত নিৰ্বাচিত প্ৰতিনিধিক অভিনন্দন, ৰাইজকো কৃতজ্ঞতা ভূপেন বৰাৰ

পঞ্চায়তত নিৰ্বাচিত প্ৰতিনিধিক অভিনন্দন, ৰাইজকো কৃতজ্ঞতা ভূপেন বৰাৰ

ট্ৰাম্পক উত্তৰ নিদিলে মোদীৰ ইমান তেজস্বী ভাষণৰ অৰ্থ কি থাকিল?

ট্ৰাম্পক উত্তৰ নিদিলে মোদীৰ ইমান তেজস্বী ভাষণৰ অৰ্থ কি থাকিল?

অৱসৰ ললে মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাই : বিদায়ী ভাষণত দি গ’ল হৃদয়স্পৰ্শী বাৰ্তা

অৱসৰ ললে মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাই : বিদায়ী ভাষণত দি গ’ল হৃদয়স্পৰ্শী বাৰ্তা

কৰ্ণেল ছ’ফিয়া কুৰেশ্বীক ‘পাকিস্তানীৰ ভগ্নী’ আখ্যা বিজেপি মন্ত্ৰী বিজয় শ্বাহৰ!

কৰ্ণেল ছ’ফিয়া কুৰেশ্বীক ‘পাকিস্তানীৰ ভগ্নী’ আখ্যা বিজেপি মন্ত্ৰী বিজয় শ্বাহৰ!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd