অসমীয়া সমাজ জীৱনৰ অন্যতম পুৰোধা ব্যক্তি তথা বৃহত্তৰ অসমত নৱ-বৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ আজি তিৰোভাৱ তিথি। মণি-কাঞ্চন সংযোগ ক্ষেত্ৰ নদী দ্বীপ মাজুলীৰ ২০০ ৰো অধিক নামঘৰ তথা ৩৫ খন সত্ৰত অতি আধ্যাত্মিকতাৰে গুৰুজনাৰ তিৰোভাৱ তিথি উদযাপন কৰা হৈছে।
মাজুলীৰ আকাশ-বতাহ হৰিনামৰ অমিয়া সুৰৰ লগতে ঘোষা, পুথিপাঠ তথা খোল-তাল, নাগাৰা, ডবা, শংখ আদিৰ মন-প্ৰাণ পুলকিত কৰা ধ্বনিৰ সমাহাৰে মুখৰিত হৈ এক আধ্যাত্মিক পৰিবেশৰ সৃষ্টি কৰিছে।
পুৱাৰে পৰা মাজুলীৰ জনজাতীয় অধ্যুষিত অঞ্চলসমুহৰ প্ৰতিটো নামঘৰতে ভক্তসৱে সমবেত হৈ ঐক্য-সংহতিৰ উৎকৃষ্ট নিদৰ্শনেৰে জ্যেষ্ঠজনৰ পৰা কনিষ্ঠজনলৈকে সকলোয়ে উচ্চ-নীচ ভেদাভেদ পাহৰি ৰাজহুৱাভাবে উৎসাহ-উদ্দীপনাৰ মাজেৰে তিথিভাগ পালন কৰিছে ৷
মাজুলীৰ গাঁৱে গাঁৱে, নামঘৰে নামঘৰে ধূপ-ধূনা, ফল-মূলৰ আমোল-মোলোৱা সুৱাস তথা চাকি-বন্তি, শৰাই, নৈবদ্য আদিৰে ভৰি পৰি নান্দনিক পৰিবেশৰ উদ্ভৱ ঘটাই শিশু-মহিলা-আৱাল-বৃদ্ধ-বণিতা সকলোৰে মন পুলকিত কৰি তুলিছে ৷
ইফালে, জিলাখনৰ ঠায়ে ঠায়ে একাংশ নামঘৰ, সত্ৰ বা আন ধৰ্মীয় অনুষ্ঠান-প্ৰতিষ্ঠান আদিত মহাপুৰুষজনাৰ তিৰোভাৱ তিথিৰ লগত সংগতি ৰাখি নাম-কীৰ্তনৰ উপৰি ধৰ্মীয় শোভাযাত্ৰা, আলোচনাচক্ৰ, বক্তৃতানুষ্ঠান, অংকীয়া ভাওনা প্ৰদৰ্শন, সত্ৰীয়া নৃত্য-গীতৰ অনুষ্ঠানকে ধৰি নানা সাংস্কৃতিক কাৰ্যসূচী নগঞা ধৰ্মপ্ৰাণ ৰাইজে ৰূপায়ণ কৰাৰ উপৰি সন্ধিয়া প্ৰায় প্ৰতিঘৰ গৃহস্থিৰে পদূলিত বন্তি প্ৰজ্বলন কৰি মহাপুৰুষজনাৰ প্ৰতি আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছে।