নগাঁৱৰ বিভিন্ন স্থানত মহাপুৰুষ মাধৱদেৱৰ তিৰোভাৱ তিথি পালন

Nagaon Madhab deb tithi

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ একান্ত শিষ্য মহাপুৰুষ মাধৱদেৱৰ আজি তিৰোভাৱ তিথি। ৰাজ্যজুৰি ভক্তিপ্ৰাণ ৰাইজে পালন কৰিছে গুৰুজনাৰ এই তিৰোভাৱ তিথি। সেই উপলক্ষে সত্ৰ-নামঘৰত পুৱাৰে পৰা হৰিনাম-কীৰ্তনৰ মহা আয়োজন চলিছে।

আন আন ঠাইৰ সমান্তৰালভাৱে নগাঁও জিলাৰ বৰদোৱা-বেবেজীয়াকে প্ৰমুখ্য কৰি জিলাখনৰ বিভিন্ন স্থানত মাধৱদেৱৰ তিৰোভাৱ তিথি পালন কৰা হয়। এই উপলক্ষে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বৰদোৱাত পুৱাৰে পৰা অগণন ভক্তই ভিৰ কৰিছে।

ইয়াৰ উপৰি আই-মাতৃ, উষা-কীৰ্তনেৰে বৰদোৱা থান মুখৰিত হৈছে। আনহাতে, মাধৱদেৱৰ তিৰোভাৱ তিথি অনুষ্ঠান উপলক্ষে বৰদোৱা থানতেই আজি নিশা মাধৱদেৱৰ অনুপম সৃষ্টি দধিমঠন ভাওনা প্ৰদৰ্শিত হ’ব।

ঠিক সেইদৰে একশৰণ ভাগৱতী সমাজৰ নগাঁও জিলাই বেবেজীয়া পালনাম থানত দিনযোৰা কাৰ্যসূচীৰে মাধৱদেৱৰ তিৰোভাৱ তিথি পালন কৰা হয়। এই উপলক্ষে পালনাম থানত নাম-প্ৰসংগৰ লগতে বুঢ়া আতাসকলে মহা পালনাম কীৰ্তন কৰে।