মাধৱ কুমাৰ নেপাল, নেপাল কমিউনিষ্ট পাৰ্টিৰ নতুন অধ্যক্ষ

মাধৱ কুমাৰ নেপাল

নেপাল কমিউনিষ্ট পাৰ্টিৰ অধ্যক্ষ হিচাপে নতুনকৈ নিৰ্বাচিত হৈছে মাধৱ কুমাৰ নেপাল।

মাধৱ কুমাৰ নেপাল, নেপালৰ প্ৰধান মন্ত্ৰী কে পি শৰ্মা অ’লিৰ স্থানত নেপাল কমিউনিষ্ট পাৰ্টিৰ অধ্যক্ষ হিচাপে স্থলাভিষিক্ত হ’ব।

নেপাল কমিউনিষ্ট পাৰ্টিৰ অধ্যক্ষ হিচাপে নতুনকৈ নিৰ্বাচিত হোৱাৰ পথত মাধৱ কুমাৰ নেপালৰ সপক্ষে ৩১৫ গৰাকী কেন্দ্ৰীয় সমিতিৰ সদস্যই ভোটদান কৰে।

নেপাল কমিউনিষ্ট পাৰ্টিৰ মুখপাত্ৰ নাৰায়ন কাজি শ্ৰেষ্ঠই এইদৰে জানিবলৈ দিয়ে।

আনহাতে, নেপাল কমিউনিষ্ট পাৰ্টিয়ে পূৰ্বৰ অধ্যক্ষ কে পি শৰ্মাৰ বিৰুদ্ধেও দলীয় অনুশাসন ভংগৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব বুলিও মুখপাত্ৰ শ্ৰেষ্ঠই কয়।

নেপালৰ প্ৰধান মন্ত্ৰী কে পি শৰ্মা অ’লিয়ে সংসদ ভংগৰ বাবে দিয়া প্ৰস্তাৱত ৰাষ্ট্ৰপতি বিদ্যা দেৱী ভাণ্ডাৰীৰ সন্মতি প্ৰদান কৰাৰ পাছতে মাধৱ কুমাৰ নেপালক নেপাল কমিউনিষ্ট পাৰ্টিয়ে নতুন অধ্যক্ষ হিচাপে নিৰ্বাচিত কৰে।

উল্লেখযোগ্য যে, বিগত সময়ছোৱাত নেপালৰ প্ৰধান মন্ত্ৰী কে পি শৰ্মা অ’লিয়ে সংসদৰ ভিতৰে আৰু বাহিৰে তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখিন হ’বলগীয়া হৈছিল।

মূলত ভাৰতৰ সৈতে ক্ৰমাৎ বেয়াৰ ফাৱে ঢাল খোৱা দ্বিপাক্ষিক সম্পৰ্কক কেন্দ্ৰ কৰিয়ো অ’লিৰ ৰাজনৈতিক ভবিষ্যতৰ প্ৰতি প্ৰশ্ন বোধকৰ সৃষ্টি হৈছিল।