NORTHEAST NOW (Assamese)

মহিলা কয়দীক দিয়া হ’ব চেম্পু, হেয়াৰ ৰিমুভেল ক্ৰীম! কিন্তু ক’ত এই ঘটনা?

December 28, 2024 5:09 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: December 28, 2024 5:19 pm

এতিয়াৰ পৰা মধ্যপ্ৰদেশৰ সকলো সংশোধনী কেন্দ্ৰই মহিলা কয়দীৰ বাবে শ্বেম্পু, ৱেক্সিং ক্ৰীমৰ ব্যৱস্থা কৰিব। এই সিদ্ধান্ত ৰাজ্যৰ কাৰাগাৰ বিভাগে গ্ৰহণ কৰে। মধ্যপ্ৰদেশৰ মহিলা কাৰাগাৰৰ বন্দীক প্ৰদান কৰা এইটোৱেই প্ৰথম এনে সুবিধা। নতুন বছৰৰ আৰম্ভণিৰ পৰা মধ্যপ্ৰদেশৰ সংশোধনী কেন্দ্ৰৰ মহিলা কয়দীসকলে এই সুবিধা লাভ কৰিব।

মধ্যপ্ৰদেশ কাৰাগাৰ বিভাগৰ তথ্য অনুসৰি এই সিদ্ধান্ত লোৱা হৈছে যাতে মহিলা কয়দীসকলে পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ নিয়ম মানি চলিব পাৰে। নতুন বছৰৰ পৰা সপ্তাহত এবাৰ শ্বেম্পু লাভ কৰিব মহিলা কয়দীসকলে। তেওঁলোকক প্ৰতিমাহে এবাৰকৈ দিয়া হব হেয়াৰ ৰিমুভেল ক্ৰীম। ইয়াৰ উপৰিও কাৰাগাৰ বিভাগে কয়দীসকলৰ খাদ্যৰ প্ৰতি অধিক গুৰুত্ব দিয়াৰ সিদ্ধান্ত লৈছে। নতুন বছৰৰ পৰা মহিলা কয়দীসকলক তেওঁলোকৰ খাদ্যৰ সৈতে চালাড দিয়া হব। কাৰাগাৰ বিভাগৰ সূত্ৰ অনুসৰি দৈনিক গাখীৰ, চাহ, দালি আৰু তেলৰ আবণ্টনও কিছু পৰিমাণে বৃদ্ধি কৰা হৈছে।

কাৰাগাৰ বিভাগৰ সূত্ৰ অনুসৰি এই নিয়ম তিনিমাহ পূৰ্বে প্ৰৱৰ্তন কৰাৰ কথা আছিল। মধ্যপ্ৰদেশ কাৰাগাৰ বিভাগে গান্ধী জয়ন্তীৰ পৰা মহিলা কয়দীৰ বাবে এই ব্যৱস্থা ২ অক্টোবৰত প্ৰৱৰ্তন কৰাৰ পৰিকল্পনা কৰিছিল। কিন্তু বিভিন্ন কাৰণত পলম হল। অৱশেষত ১ জানুৱাৰীৰ পৰা মহিলা কয়দীসকলক এই সুবিধা প্ৰদান কৰাৰ সিদ্ধান্ত লোৱা হৈছে।

ইয়াৰ উপৰিও ৰাজ্যৰ কাৰাগাৰ বিভাগেও কেনেদৰে কাৰাগাৰত আৱাসীৰ ভিৰ কমাব পাৰি সেই বিষয়েও চিন্তা-চৰ্চা কৰিছে। টাইমছ অৱ ইণ্ডিয়াত প্ৰকাশিত এক বাতৰি অনুসৰি মধ্যপ্ৰদেশৰ কাৰাগাৰত বৰ্তমান ৪৩ হাজাৰ কয়দী আছে। কিন্তু ৩৬ হাজাৰ কয়দীক ৰখাৰ সুবিধা আছে। এই অতিৰিক্ত কয়দীসকলৰ হেঁচা মোকাবিলা কৰিবলৈ কি পদক্ষেপ লব পাৰি তাৰ এক গ্ৰহণযোগ্য সমাধান বিচাৰিছে মধ্যপ্ৰদেশ চৰকাৰে।

দেশৰ বিভিন্ন কাৰাগাৰত অতিমাত্ৰা ভিৰ সমস্যা। শেহতীয়াকৈ বোম্বাই উচ্চ ন্যায়ালয়ে বম্বে কেন্দ্ৰীয় কাৰেকচনেল ফেচিলিটি (পূৰ্বৰ আৰ্থাৰ ৰোড জেল) কৰ্তৃপক্ষক প্ৰতিবেদন দাখিল কৰে। খবৰ অনুসৰি কাৰাগাৰত এটা সময়ত ৫০ জন কয়দীৰ বাবে ঠাই আছে। কিন্তু আছে ২০০-২২০ জন কয়দী।

Related News