ছমাহৰ দৰমহাৰ কোনো লেখ-জোখ নাই। কোনেও অৱসৰ লোৱা নাই, কাকো নিলম্বিত কৰা হোৱা নাই, তথাপিও প্ৰায় ৫০ হাজাৰ চৰকাৰী কৰ্মচাৰী দৰমহা অন্তৰ্ধান। প্ৰশ্ন উঠিবলৈ আৰম্ভ কৰে, দৰাচলতে সেই কৰ্মচাৰীসকলৰ অস্তিত্ব আছেনে? নে কেৱল কাগজে-কলমে ‘ভূত’ৰ নিযুক্তি? মধ্যপ্ৰদেশত ২৩০ কোটি টকাৰ দুৰ্নীতিৰ অভিযোগ পোহৰলৈ আহিছে।
মধ্যপ্ৰদেশৰ মুঠ চৰকাৰী কৰ্মচাৰীৰ প্ৰায় ৯ শতাংশ অৰ্থাৎ ৫০,০০০ কৰ্মচাৰী ‘ভূত’। তেওঁলোকৰ নাম আৰু কৰ্মচাৰীৰ ক’ড চৰকাৰী নথি-পত্ৰত পঞ্জীয়ন কৰা আছে। অৱশ্যে যোৱা বছৰৰ ডিচেম্বৰৰ পৰা কোনো এজনকো দৰমহা দিয়া হোৱা নাই। এটা সৰ্বভাৰতীয় সংবাদ মাধ্যমে দাবী কৰিছে যে তেওঁলোকৰ হাতত এই সন্দৰ্ভত কেইবাটাও চাঞ্চল্যকৰ তথ্য আছে।
ৰাজ্যৰ কোষাগাৰ আৰু একাউণ্ট আয়ুক্ত ভাস্কৰ লক্ষ্মণে ড্ৰয়িং এণ্ড ডিছবাৰ্চিং অফিচাৰলৈ প্ৰেৰণ কৰা এখন পত্ৰত কোৱা হৈছে যে, ‘২০২৪ চনৰ ডিচেম্বৰৰ পৰা দৰমহা নোপোৱা সকলো কৰ্মচাৰীৰ তালিকা প্ৰস্তুত কৰা হৈছে। অৱশ্যে আইএফএমআইএছৰ পৰীক্ষণ প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱা নাই।’
এই পত্ৰৰ পিছতে ৰাজ্যৰ ৬ হাজাৰৰো অধিক ডিডিঅ’লৈ উত্তৰ বিচাৰি পত্ৰ প্ৰেৰণ কৰা হৈছে। ১৫ দিনৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিব লাগিব। উল্লেখ্য যে শুকুৰবাৰেই এই সময়সীমা শেষ হৈছে।
ভাস্কৰ লক্ষ্মণে সৰ্বভাৰতীয় সংবাদ মাধ্যমক কয়, ‘আমি নিয়মিতভাৱে তথ্য বিশ্লেষণ কৰোঁ। তাতেই এই অস্বাভাৱিকতা ধৰা পৰিছিল। একাউণ্টৰ পৰা উলিয়াব পৰা নাই দৰমহাৰ ধন। সম্ভাৱ্য দুৰ্নীতিৰ আশংকা ৰোধ কৰিবলৈ তদন্তৰ নিৰ্দেশ দিয়া হৈছে।’ ৰাজ্যৰ কোষাগাৰ বিভাগে ৰাজ্যজুৰি এই ‘ভূত’ কৰ্মচাৰী বিচাৰি অভিযান আৰম্ভ কৰিছে ।
এজন শীৰ্ষ বিষয়াই কয়, ‘বদলি, নিলম্বন – এই সকলোবোৰ ক্ষেত্ৰত বহুসময়ত দৰমহা বন্ধ ৰখা হয়। কিন্তু ছমাহ ধৰি দৰমহা নাই, অথচ সেই কৰ্মচাৰীসকল এতিয়াও চাকৰিত আছে। ইয়াতেই দুৰ্নীতিৰ গোন্ধ আহিছে।’ এই সন্দৰ্ভত মধ্যপ্ৰদেশৰ বিত্তমন্ত্ৰী জগদীশ দেৱদাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। তেওঁ কয়, ‘নিয়ম অনুসৰি ঘটনাৰ তদন্ত আৰম্ভ কৰা হ’ব।’
৫০ হাজাৰ কৰ্মচাৰীৰ ভিতৰত ৪০ হাজাৰ নিয়মীয়া কৰ্মচাৰী আৰু বাকী ১০ হাজাৰ অস্থায়ী কৰ্মচাৰী। যদি তেওঁলোকৰ ছমাহৰ দৰমহা হিচাপ কৰা হয় তেন্তে ২৩০ কোটি টকা হয়। স্বাভাৱিকতে প্ৰশ্ন উত্থাপন হয়, এই বৃহৎ পৰিমাণৰ ধন ক’লৈ গ’ল? চৰকাৰী কৰ্মচাৰীৰ দৰমহাত ২৩০ কোটি টকাৰ দুৰ্নীতি? চৰকাৰৰ ভিতৰতে প্ৰশ্ন উত্থাপন হৈছে। তদুপৰি যদি ৫০ হাজাৰ পদ খালী আছে, তেন্তে ৯ শতাংশ কৰ্মচাৰী অবিহনে চৰকাৰী কাৰ্যালয় কেনেকৈ চলি আছে? প্ৰশ্নৰ পিছত প্ৰশ্নৰ জালত আবদ্ধ হৈ পৰিছে ৰাজ্য প্ৰশাসন।
সচেতন মহলৰ মতে মধ্যপ্ৰদেশৰ ইতিহাসৰ অন্যতম বৃহৎ চৰকাৰী দুৰ্নীতিৰ সম্ভাৱনা দেখা দিছে এই ‘ভূত’ৰ দৰমহা কেলেংকাৰীত ।