• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

৫০ হাজাৰ ‘ভূত’ কৰ্মচাৰী, ৬ মাহৰ দৰমহা অন্তৰ্ধান! মধ্যপ্ৰদেশৰ বিজেপি চৰকাৰৰ ২৩০ কোটিৰ দুৰ্নীতি

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
June 7, 2025 8:00 am
6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ছমাহৰ দৰমহাৰ কোনো লেখ-জোখ নাই। কোনেও অৱসৰ লোৱা নাই, কাকো নিলম্বিত কৰা হোৱা নাই, তথাপিও প্ৰায় ৫০ হাজাৰ চৰকাৰী কৰ্মচাৰী দৰমহা অন্তৰ্ধান। প্ৰশ্ন উঠিবলৈ আৰম্ভ কৰে, দৰাচলতে সেই কৰ্মচাৰীসকলৰ অস্তিত্ব আছেনে? নে কেৱল কাগজে-কলমে ‘ভূত’ৰ নিযুক্তি? মধ্যপ্ৰদেশত ২৩০ কোটি টকাৰ দুৰ্নীতিৰ অভিযোগ পোহৰলৈ আহিছে।

মধ্যপ্ৰদেশৰ মুঠ চৰকাৰী কৰ্মচাৰীৰ প্ৰায় ৯ শতাংশ অৰ্থাৎ ৫০,০০০ কৰ্মচাৰী ‘ভূত’। তেওঁলোকৰ নাম আৰু কৰ্মচাৰীৰ ক’ড চৰকাৰী নথি-পত্ৰত পঞ্জীয়ন কৰা আছে। অৱশ্যে যোৱা বছৰৰ ডিচেম্বৰৰ পৰা কোনো এজনকো দৰমহা দিয়া হোৱা নাই। এটা সৰ্বভাৰতীয় সংবাদ মাধ্যমে দাবী কৰিছে যে তেওঁলোকৰ হাতত এই সন্দৰ্ভত কেইবাটাও চাঞ্চল্যকৰ তথ্য আছে।

Apply Now

ৰাজ্যৰ কোষাগাৰ আৰু একাউণ্ট আয়ুক্ত ভাস্কৰ লক্ষ্মণে ড্ৰয়িং এণ্ড ডিছবাৰ্চিং অফিচাৰলৈ প্ৰেৰণ কৰা এখন পত্ৰত কোৱা হৈছে যে, ‘২০২৪ চনৰ ডিচেম্বৰৰ পৰা দৰমহা নোপোৱা সকলো কৰ্মচাৰীৰ তালিকা প্ৰস্তুত কৰা হৈছে। অৱশ্যে আইএফএমআইএছৰ পৰীক্ষণ প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱা নাই।’

এই পত্ৰৰ পিছতে ৰাজ্যৰ ৬ হাজাৰৰো অধিক ডিডিঅ’লৈ উত্তৰ বিচাৰি পত্ৰ প্ৰেৰণ কৰা হৈছে। ১৫ দিনৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিব লাগিব। উল্লেখ্য যে শুকুৰবাৰেই এই সময়সীমা শেষ হৈছে।

ভাস্কৰ লক্ষ্মণে সৰ্বভাৰতীয় সংবাদ মাধ্যমক কয়, ‘আমি নিয়মিতভাৱে তথ্য বিশ্লেষণ কৰোঁ। তাতেই এই  অস্বাভাৱিকতা ধৰা পৰিছিল। একাউণ্টৰ পৰা উলিয়াব পৰা নাই দৰমহাৰ ধন। সম্ভাৱ্য দুৰ্নীতিৰ আশংকা ৰোধ কৰিবলৈ তদন্তৰ নিৰ্দেশ দিয়া হৈছে।’ ৰাজ্যৰ কোষাগাৰ বিভাগে ৰাজ্যজুৰি এই ‘ভূত’ কৰ্মচাৰী বিচাৰি অভিযান আৰম্ভ কৰিছে ।

এজন শীৰ্ষ বিষয়াই কয়, ‘বদলি, নিলম্বন – এই সকলোবোৰ ক্ষেত্ৰত বহুসময়ত দৰমহা বন্ধ ৰখা হয়। কিন্তু ছমাহ ধৰি দৰমহা নাই, অথচ সেই কৰ্মচাৰীসকল এতিয়াও চাকৰিত আছে। ইয়াতেই দুৰ্নীতিৰ গোন্ধ আহিছে।’ এই সন্দৰ্ভত মধ্যপ্ৰদেশৰ বিত্তমন্ত্ৰী জগদীশ দেৱদাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। তেওঁ কয়, ‘নিয়ম অনুসৰি ঘটনাৰ তদন্ত আৰম্ভ কৰা হ’ব।’

৫০ হাজাৰ কৰ্মচাৰীৰ ভিতৰত ৪০ হাজাৰ নিয়মীয়া কৰ্মচাৰী আৰু বাকী ১০ হাজাৰ অস্থায়ী কৰ্মচাৰী। যদি তেওঁলোকৰ ছমাহৰ দৰমহা হিচাপ কৰা হয় তেন্তে ২৩০ কোটি টকা হয়। স্বাভাৱিকতে প্ৰশ্ন উত্থাপন হয়, এই বৃহৎ পৰিমাণৰ ধন ক’লৈ গ’ল? চৰকাৰী কৰ্মচাৰীৰ দৰমহাত ২৩০ কোটি টকাৰ দুৰ্নীতি? চৰকাৰৰ ভিতৰতে প্ৰশ্ন উত্থাপন হৈছে। তদুপৰি যদি ৫০ হাজাৰ পদ খালী আছে, তেন্তে ৯ শতাংশ কৰ্মচাৰী অবিহনে চৰকাৰী কাৰ্যালয় কেনেকৈ চলি আছে? প্ৰশ্নৰ পিছত প্ৰশ্নৰ জালত আবদ্ধ হৈ পৰিছে ৰাজ্য প্ৰশাসন।

সচেতন মহলৰ মতে মধ্যপ্ৰদেশৰ ইতিহাসৰ অন্যতম বৃহৎ চৰকাৰী দুৰ্নীতিৰ সম্ভাৱনা দেখা দিছে এই ‘ভূত’ৰ দৰমহা কেলেংকাৰীত ।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধ্বংসৰ গৰাহত মানাহ ৰাষ্ট্ৰীয় উদ্যান! এনটিচিএৰ নিৰ্দেশৰ পাছতো নিমাত চৰকাৰ

ধ্বংসৰ গৰাহত মানাহ ৰাষ্ট্ৰীয় উদ্যান! এনটিচিএৰ নিৰ্দেশৰ পাছতো নিমাত চৰকাৰ

September 13, 2026 9:48 pm
মাদ্ৰাছা শিক্ষা বনাম দেশবিৰোধী কাৰ্যকলাপৰ অভিযোগ: পশ্চিমবংগ চৰকাৰৰ শেহতীয়া পদক্ষেপে কিহৰ ইংগিত দিছে?

মাদ্ৰাছা শিক্ষা বনাম দেশবিৰোধী কাৰ্যকলাপৰ অভিযোগ: পশ্চিমবংগ চৰকাৰৰ শেহতীয়া পদক্ষেপে কিহৰ ইংগিত দিছে?

September 13, 2026 8:56 pm
ব্ৰিকছ সন্মিলনৰ খাদ্য তালিকাক লৈ ৰাজনীতি! কেন্দ্ৰীয় চৰকাৰক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

ব্ৰিকছ সন্মিলনৰ খাদ্য তালিকাক লৈ ৰাজনীতি! কেন্দ্ৰীয় চৰকাৰক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

September 13, 2026 8:10 pm
সুৰা নিষিদ্ধ ৰাজ্য নাগালেণ্ডত ভয়ংকৰ অঘটন! বিষাক্ত সুৰাপানৰ ফলত ৯ জনৰ প্ৰাণহানি

সুৰা নিষিদ্ধ ৰাজ্য নাগালেণ্ডত ভয়ংকৰ অঘটন! বিষাক্ত সুৰাপানৰ ফলত ৯ জনৰ প্ৰাণহানি

September 13, 2026 6:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধ্বংসৰ গৰাহত মানাহ ৰাষ্ট্ৰীয় উদ্যান! এনটিচিএৰ নিৰ্দেশৰ পাছতো নিমাত চৰকাৰ

ধ্বংসৰ গৰাহত মানাহ ৰাষ্ট্ৰীয় উদ্যান! এনটিচিএৰ নিৰ্দেশৰ পাছতো নিমাত চৰকাৰ

September 13, 2026 9:48 pm
মাদ্ৰাছা শিক্ষা বনাম দেশবিৰোধী কাৰ্যকলাপৰ অভিযোগ: পশ্চিমবংগ চৰকাৰৰ শেহতীয়া পদক্ষেপে কিহৰ ইংগিত দিছে?

মাদ্ৰাছা শিক্ষা বনাম দেশবিৰোধী কাৰ্যকলাপৰ অভিযোগ: পশ্চিমবংগ চৰকাৰৰ শেহতীয়া পদক্ষেপে কিহৰ ইংগিত দিছে?

September 13, 2026 8:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd