শিৱসাগৰত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা নৱেম্বৰত বন্ধ হব মাদ্ৰাছা।
দিনজোৰা কাৰ্যসূচীৰে আজি শিসাগৰত বহুকেইটা কাৰ্যসূচীত অংশ গ্ৰহণ কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
শিৱসাগৰ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ বিশেষ কৃতজ্ঞতা সভা অংশ লোৱাৰ লগতে চিৰিপুৰীয়া ঘাটতত দিখৌ নদীত এখন পকীদলং আৰু এ টি ৰ’ড সহ আন দহটা পকী পথৰ আধাৰশিলা কৰে মন্ত্ৰীগৰাকীয়ে।
আজি মন্ত্ৰীগৰাকীয়ে শিৱসাগৰত ৭৫ কোটি টকাৰ বাট পথ আৰু দলং নিৰ্মাণৰ আঁচনিৰ শুভাৰম্ভ কৰে।
শিৱসাগৰৰ ১৫৩০ গৰাকী বেতন বঞ্চিত শিক্ষকৰ দীৰ্ঘ দিনীয়া সমস্যাৰ সমাধান কৰাৰ বাবে শিৱসাগৰ মহকুমা প্ৰাথমিক শিক্ষা সন্মিলনীয়ে স্থানীয় যুৱ দ’লত আয়োজন কৰা বিশেষ কৃতজ্ঞতা সভাত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উষ্ম আদৰণি জনায় শিক্ষক সকলে।
সভাত নৱেম্বৰ মাহৰ ভিতৰত এই সকল শিক্ষকৰ নিযুক্তি পত্ৰ প্ৰদান কৰা হব বুলি ঘোষণা কৰে মন্ত্ৰীগৰাকীয়ে।
তেওঁ কয়, দুটা পৰ্যায়ত এই নিযুক্তি প্ৰক্ৰিয়া দিয়া হব। যিসকলে বুনিয়াদী প্ৰশিক্ষণ গ্ৰহণ কৰিছিল তেওঁলোকে অন্য শিক্ষকৰ দৰে মাহিলী দৰমহা লাভ কৰিব আৰু যি সকলে প্ৰশিক্ষণ গ্ৰহণ কৰা নাছিল তেওঁলোকক মাহে ফিক্সড পে প্ৰদান কৰা হব। এই সকলে পৰৱৰ্তী সময়ত বুনিয়াদী প্ৰশিক্ষণ গ্ৰহণৰ সুবিধা দিয়া হব বুলি মন্তব্য কৰে।
ৰাজ্যত মাদ্ৰাছা সমুহ বন্ধ কৰাকলৈ মন্ত্ৰীগৰাকীয়ে কয়, নৱেম্বৰ মাহত মাদ্ৰাছা সমুহ বন্ধ হবই।
ৰাজ্য চৰকাৰে কোনো এখন বিশেষ ধৰ্মগ্ৰন্থ পঢ়াবলৈ খৰচ কৰিব নোৱাৰো। মাদ্ৰাছা খুলিবলৈ দিলে সাংস্কৃতিক টোল, বৈদিক টোলো খুলিব লাগিব, তেওঁ কয়।
কংগ্ৰেছৰ মহাযোঁটন্ধনক কটাক্ষ কৰি মন্ত্ৰীগৰাকীয়ে কয়, ৰামায়ণত ৰামৰ এটা মূৰ আছিল আৰু ৰাৱণৰ দহটা। সেইবুলি ৰাৱণে ৰামক হৰোৱাব পাৰিছিল জানো।
ইপিনে হিমন্ত বিশ্ব শৰ্মাৰ মুখত পুনৰ শুনা গ’ল লাভ জেহাদৰ কথা।
নামনি আৰু মধ্য অসমত অসমীয়া লোকসকল বহুত কষ্টত আছে। সেই অঞ্চলৰ অসমীয়া ছোৱালী বিলাকক অপহৰণ, ফেচবুকত নাম সলাই নানা প্ৰলোভন দি বিয়া কৰোৱা আদি ঘটনা ঘটি আছে। এই ঘটনা বিলাক এতিয়া বন্ধ কৰিব নোৱাৰিলে আৰু বৃদ্ধি পাব বুলি মন্তব্য কৰে।
আছুৰ তথা কৃষক মুক্তিৰ পৃষ্ঠপেষকতাত গঠিত নতুন আঞ্চলিক দলৰ সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে সকলো আঞ্চলিক দলক এক হবলৈ আহ্বান জনায়।
এচ আই কেলেংকাৰী সন্দৰ্ভতো মন্ত্ৰী গৰাকীয়ে কয়, তদন্তত কোনো ৰাজনীতি হোৱা নাই। আৰক্ষীয়ে নিজৰ এচ পিকেই তদন্তৰ আওতালৈ আনিছে বাকীসকলক তেওঁলোকে কিয় এৰি দিব।