NORTHEAST NOW (Assamese)

শিৱদ’লত চাৰিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হব আন্তঃৰাষ্ট্ৰীয় শিৱ উৎসৱ

March 1, 2021 1:38 pm · পাৰ্শ্বজ্যোতি গগৈ

শিৱসাগৰৰ ঐতিহাসিক শিৱদ’লত অহা ১০, ১১, ১২ আৰু ১৩ মাৰ্চত অনুষ্ঠিত হব এই শিৱৰাত্ৰি। এই কথা আজি এক সংবাদমেল যোগে জনায় শিৱসাগৰ দ’ল উন্নয়ণ পৰিষদৰ সম্পাদক বসন্ত গগৈয়ে।

আন্তঃৰাষ্ট্ৰীয় শিৱ উৎসৱৰ লগত সংগতি ৰাখি প্ৰত্যেক দিনাই সন্ধ্যা দ’লমুখ চাৰিআলিত বিভিন্ন ধৰ্মীয় কাৰ্যসূচীৰ লগতে অনুষ্ঠিত হব বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী।

দ’ল প্ৰাঙ্গণৰ চৌদিশে আৰু স্থানীয় ফুলেশ্বৰী ছোৱালী বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হব এক বৃহৎ মেলা।

শিৱসাগৰৰ ঐতিহাসিক শিৱদ’লত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় শিৱ উৎসৱ আৰু শ্ৰী শ্ৰী মহা শিৱৰাত্ৰীৰ চাৰিওটা দিনৰ কাৰ্যসূচীত সকলো ভক্তপ্ৰাণ ৰাইজক অংশ গ্ৰহণ কৰিবলৈ আহ্বান জনায় উদযাপন সমিতিয়ে।

Related News