কাৰ্য্যনিৰ্বাহক বৈঠক আধাতে এৰা মহন্তই ক’লে, “অনুশাসন ভংগ কৰিছোঁ নে নাই সেয়া দলে বিবেচনা কৰিব”

“মিত্ৰতা ভুল নে শুদ্ধ দলৰ মজিয়াতহে আলোচনা কৰিম, সংবাদ মাধ্যমৰ আগত নকওঁ”

দলৰ বৰ্ধিত কাৰ্য্যনিৰ্বাহকত মহন্ত। ১৪ মে'ত।

অগপৰ মুখ্য কাৰ্য্যালয়ত চলি থকা বৰ্ধিত কাৰ্য্যনিৰ্বাহক আজি উপস্থিত হয় কালি বিধায়িনী দলৰ বৈঠকত অনুপস্থিত প্ৰফুল্ল কুমাৰ মহন্ত।

দুঘণ্টা ধৰি কাৰ্য্যনিৰ্বাহক চলাৰ পিছত ভোজন বিৰতিৰ সময়ত সংবাদ মাধ্যমৰ আগত মন্তব্য কৰি মহন্তই কয় যে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰাটো দলৰ সিদ্ধান্ত আছিল, অকল অসম আন্দোলন সংগ্ৰামী মঞ্চৰ নহয়।

লোকসভা নিৰ্বাচনত বিজেপিৰ সৈতে মিত্ৰতাৰ স্পষ্ট বিৰোধিতা কৰি অহা মহন্তই আজি বিষয়টোত সংবাদ মাধ্যমত মুকলিকৈ মন্তব্য কৰিবলৈ অস্বীকাৰ কৰি কয়, “মিত্ৰতা ভুল নে শুদ্ধ দলৰ মজিয়াতহে আলোচনা কৰিম, সংবাদ মাধ্যমৰ আগত নকওঁ”।

আনহাতে কংগ্রেছক ভোট দিবলৈ আহ্বান জনোৱা বুলি তেওঁৰ বিৰুদ্ধে উঠা অভিযোগ সন্দৰ্ভত মহন্তই কয় “অনুশাসন ভংগ কৰিছোঁ নে নাই সেয়া দলে বিবেচনা কৰিব। অনুশাসন ভংগ কৰা হেঁতেন মিডিয়াত ওলাল হেঁতেন।”

মহন্তই জনোৱা মতে, আজি কাৰ্য্যনিৰ্বাহকত লোকসভাৰ নিৰ্বাচনক লৈ পৰ্যালোচনা চলিছিল। “ফলাফল ঘোষণাৰ পাছতো পৰ্যালোচনা হ’ব”, জনালে মহন্তই।

আজিৰ কাৰ্য্যনিৰ্বাহকত অগপ সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত, ফণীভুষণ চৌধুৰী, সত্যব্ৰত কলিতা, বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, মনোজ শইকীয়াকে ধৰি অন্য নেতা সকল উপস্থিত আছে। প্ৰাক্তন মন্ত্ৰী গুনীন হাজৰিকাও উপস্থিত আছিল।

উল্লেখ্য যে, কালিৰ বিধায়িনী দলৰ বৈঠকৰ অন্তত অগপ দলৰ মাজত কোনো অন্তৰ্কন্দল  নাই বুলি মন্তব্য কৰিছিল বিধায়ক সত্যব্ৰত কলিতাই।

কাইলৈ দলটোৰ সাধাৰণ পৰিষদৰ সভা আছে।

দুপৰীয়া ১২ বজাৰ পৰা আৰম্ভ হোৱা বৰ্ধিত কাৰ্য্যনিৰ্বাহক এতিয়াও চলি আছে আৰু অন্ত পৰোঁতে সন্ধিয়া হোৱাৰ সম্ভাৱনা আছে।