জয় গুৰু শংকৰ, সৰ্বগুণাকৰ: আজি শংকৰদেৱৰ আবিৰ্ভাৱ তিথি, গুৰুভক্তিৰে মুখৰিত ৰাজ্য

         জয় গুৰু শংকৰ সৰ্ব্ব গুণাকৰ

             জাকেৰি নাহিকে উপাম।

          তোহাৰি চৰণে ৰেণু শত কৌটি

              বাৰেক কৰোহোঁ প্ৰণাম।।

আজি অসমীয়া জাতিৰ প্ৰাণ, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম তিথি। গুৰুজনাৰ অমিয় গুণানুকীৰ্ত্তনেৰে আজি ৰাজ্যৰ আকাশ-বতাহ মুখৰিত হ’ব। অসমীয়া সমাজ-সংস্কৃতিৰ ভেটি গঢ়োতা, জাতীয় জীৱনৰ চিৰস্মৰণীয় যুগপুৰুষগৰাকীৰ জন্মোৎসৱ ৰাজ্যজুৰি উদযাপন কৰিব ভকত-বৈষ্ণৱ তথা শংকৰৰ আদৰ্শৰে অনুপ্ৰাণিতসকলে।

এক কাল সন্ধিক্ষণত ১৪৪৯ খ্ৰীষ্টাব্দত নগাঁৱৰ বৰদোৱাৰ আলিপুখুৰীত জন্ম লভিছিল শ্ৰীমন্ত শংকৰদেৱে। নৱ বৈষ্ণৱ আন্দোলনেৰে অসমীয়া সমাজক এক ন পথৰ সন্ধান দিয়া মহাপুৰুষগৰাকীয়ে ধৰ্ম প্ৰচাৰৰ অচিলাৰেই অসমীয়া সমাজত এক সংস্কাৰবাদী আন্দোলনৰো সূচনা কৰে।

অন্ধবিশ্বাস, কুসংস্কাৰ, জাতি বিদ্বেষ, ধৰ্মীয় বিভেদৰ কাঠামোত আঘাত সানি গুৰুজনাই সমৃদ্ধ কৰি তোলে অসমীয়া জাতিক। বৰগীত, ভটিমা, কীৰ্তন-দশম, নাট-ভাওনা, নামঘৰ আদিৰ দ্বাৰা অসমীয়া জাতিৰ সাহিত্য-সংস্কৃতিৰ প্ৰাণ প্ৰতিষ্ঠা কৰি শংকৰদেৱে গঢ়ি গৈছে অসমীয়া জাতিৰ পৰিচয়।

‘কুকুৰ শৃগাল গৰ্দ্দভৰো আত্মাৰাম৷ জানিয়া সৱাকো পৰি কৰিবা প্ৰণাম৷৷’- এয়াই আছিল মহাপুৰুষগৰাকীৰ চিন্তন তথা দৰ্শন। এই চিন্তনেৰেই অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত সমন্বয়ৰ সেতু সাজি, উচ্চ-নীচ ভেদাভেদৰ অৱসান ঘটাই একতাৰ ডোলেৰে বান্ধি গৈছে অসমীয়া জাতিক।

একেধাৰে ধৰ্ম প্ৰচাৰক, সমাজ সংস্কাৰক, সমাজ সংগঠক, সুগায়ক, অভিনেতা, কবি, চিত্ৰকৰ লগতে অসমীয়া জাতি-সাহিত্য-সংস্কৃতিৰ নিৰ্মাতা সৰ্বগুণাকৰ শংকৰদেৱে স্বকীয় মহিমাৰে উদ্ভাসিত কৰি গৈছে অসমীয়া সমাজ জীৱনক। শংকৰদেৱৰ আদৰ্শৰ ভেটিতে থিত লৈ আছে অসমীয়া জাতিৰ শাহ।

গুৰুজনাৰ সন্দৰ্ভত জ্যোতিপ্ৰসাদ আগৰৱালাই কৈছিল, “আজিলৈকে অসমীয়াক অসমীয়া কৰি থৈছে কোনে? আমাক আজি অসমীয়া বুলি আমাৰ জাতীয় সভ্যতা-সংস্কৃতিৰে বিশিষ্টভাৱে এটা প্ৰগতিশীল জাতিকৈ ৰাখি থৈ যাওঁতা, অসমীয়া সংস্কৃতি সৃষ্টি কৰি দিওঁতা, অসমীয়া সুকুমাৰ কলাক এটা নিজস্ব বৈশিষ্ট্য দি থৈ যাওঁতা, অসমীয়া সামাজিক জীৱনক এটা বিশিষ্ট গঢ় দি যাওঁতা, অসমত সাংস্কৃতিক ৰাষ্ট্ৰ প্ৰতিষ্ঠা কৰি থৈ যাওঁতা, অসমীয়া জীৱনৰ মহা কলাকাৰ শিল্পীৰো শিল্পী মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ।”

সেইদৰে বিষ্ণুপ্ৰসাদ ৰাভাই কৈছিল, “শ্ৰীমন্ত শঙ্কৰদেৱ গুৰু অসমীয়াৰ প্ৰাণ। আজি শ্ৰীমন্ত শঙ্কৰদেৱৰ যিকোনো কৃষ্টি বা সাহিত্য বাদ দিলে অসমীয়াৰ মৃত্যু হ’ব। শ্ৰীমন্ত শঙ্কৰদেৱে কিনো নাজানিছিল আৰু কিনো নিদিছিল! অসমীয়াক তেওঁৱেই সকলো দি গৈছিল।”

অসমীয়া জাতিৰ জনক, জাতীয় জীৱনৰ শাহ- প্ৰাণপুৰুষ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ মহান আদৰ্শতেই পৰিবাহিত হৈ আছে অসমীয়া জাতিৰ পৰিচয়। সাম্প্ৰতিক সময়ৰ ধৰ্মীয়-জাতিগত বিদ্বেদ-উন্মাদনাৰ কৰাল গ্ৰাসত কোঙা হোৱা সমাজখনত অসমীয়া জাতিৰ ত্ৰাণকৰ্তাৰ ৰূপত সদায়ে জিলিকি আছে গুৰুজনাৰ মহান আদৰ্শ। পবিত্ৰ আবিৰ্ভাৱ তিথিত শংকৰ গুৰুজনাক সশ্ৰদ্ধ প্ৰণিপাত।