মহাৰাষ্ট্ৰত গ্ৰেপ্তাৰ অসমৰ পৰা যোৱা অবৈধ ৫ জন বাংলাদেশী নাগৰিক

arrest-2-768x432

মহাৰাষ্ট্ৰ আৰক্ষীৰ এন্টি টেৰ’ৰিজম স্কোৱাড (এ টি এছ) এ ৰাজ্যখনৰ পালঘৰ জিলাৰ পৰা অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰাৰ অভিযোগত ৫ জন বাংলাদেশী নাগৰিকক শনিবাৰে গ্ৰেপ্তাৰ কৰে।

কোনো বৈধ নথি অবিহনে বিগত দুবছৰ ধৰি বাংলাদেশী নাগৰিক কেইজনে ৰাজ্যখনৰ নালাছোপাৰাৰ টুজি আৰক্ষী থানাৰ অধীনৰ এলেকাত বসবাস কৰি আছিল। ধৃত বাংলাদেশী নাগৰিককেইজনক চামছুৰ মনছুৰ শ্বেইখ, ময়িয়া চৈয়দ মোল্লা, মহম্মদ কটিলা খালিফা, জাহাংগীৰ আলম আৰু মফিছ বুহন শ্বেইখ বুলি চিনাক্ত কৰা হৈছে।

জানিব পৰা মতে, বাংলাদেশী নাগৰিক কেইজনে ত্ৰিপুৰা সীমান্তৰে প্ৰৱেশ কৰি অসমত আশ্ৰয় লৈ থকাৰ পাছত মহাৰাষ্ট্ৰলৈ প্ৰব্ৰজন কৰিছিল। তদুপৰি, আৰক্ষীৰ জেৰাত তেওঁলোকে দুবছৰ পূৰ্বে অসমৰ পৰা আহি মহাৰাষ্ট্ৰত বসবাস কৰি থকা বুলি স্বীকাৰ কৰিছে।

বাংলাদেশী অবৈধ নাগৰিক কেইজনৰ আটাইকেইজনকে পাৰ্ছপ’ৰ্ট আইন তথা বিদেশী আইনৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছে। এই সন্দৰ্ভত মহাৰাষ্ট্ৰ আৰক্ষীয়ে বিতং তদন্ত অব্যাহত ৰাখিছে।

উল্লেখযোগ্য যে ত্ৰিপুৰা, পশ্চিমবংগ, মেঘালয় আৰু অসম সীমান্তৰে অবৈধভাৱে প্ৰৱেশ কৰা বহু বাংলাদেশী নাগৰিকে এইদৰে দেশৰ বিভিন্ন প্ৰান্তত আশ্ৰয় গ্ৰহণ কৰি থকাৰ অভিযোগ উত্থাপিত হৈ আহিছে।