NORTHEAST NOW (Assamese)

কৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে মুম্বাইত বাতিল হ’ব পাৰে লোকেল ট্ৰেইন

March 17, 2020 5:19 pm · এন ই নাও নিউজ
মুম্বাই লোকেল ট্ৰেইনৰ দৃশ্য

ভাৰতত কৰ’না ভাইৰাছৰ বৰ্দ্ধিত প্ৰাদুৰ্ভাৱৰ প্ৰতি লক্ষ্য ৰাখি মহাৰাষ্ট্ৰৰ মুখ্য মন্ত্ৰী উদ্ধৱ থাকৰে মুম্বাইৰ সকলো লোকেল ট্ৰেইন বাতিল কৰাৰ সম্ভাৱনা আছে।

‘‘মুখ্য মন্ত্ৰী উদ্ধৱ থাকৰে মুম্বাইৰ জনজীৱনক কিছুদিনৰ বাবে গতিৰোধৰ বাবে গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’ব পাৰে। থাকৰে মুম্বাইৰ লোকেল ট্ৰেইনকে ধৰি কিছু গুৰুত্বপূৰ্ণ সেৱা কিছুদিনৰ বাবে বাতিল কৰাৰ সম্ভাৱনা আছে যাতে কৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিব পৰা যায়,’’ মহাৰাষ্ট্ৰৰ স্বাস্থ্য মন্ত্ৰী ৰাজেশ টোপে মঙলবাৰে এই কথা সদৰি কৰে।

এই সমগ্ৰ বিষয়টো মঙলবাৰে মহাৰাষ্ট্ৰৰ বিধানসভাত আলোচনা কৰা হয়।

বিধানসভাত কোনো কাৰণতে কৰ’না ভাইৰাছ দ্বিতীয় স্তৰৰ পৰা তৃতীয় স্তৰলৈ সংক্ৰমিত হ’ব নিদিয়া সন্দৰ্ভতো প্ৰস্তাৱ গ্ৰহণ কৰা হয়।

উল্লেখযোগ্য যে, মহাৰাষ্ট্ৰত ভাৰতৰ তৃতীয় গৰাকী কৰ’না ভাইৰাছত আক্ৰান্ত লোকৰ মৃত্যু হয়।

ভাৰতত প্ৰথম গৰাকী কৰ’না আক্ৰান্ত লোকৰ মৃত্যু কৰ্ণাটকত হোৱাৰ বিপৰীতে দ্বিতীয় গৰাকী লোকৰ মৃত্যু হৈছিল দিল্লীত।

মহাৰাষ্ট্ৰত বৰ্তমানলৈ ৩৮ গৰাকী লোক কৰ’না ভাইৰাছত আক্ৰান্ত হৈছে।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ো দেশৰ সাংসদ সকলক নিজৰ নিজৰ সমষ্টি সমূহ পৰিদৰ্শন কৰি কৰ’না ভাইৰাছ প্ৰতিৰোধী ব্যৱস্থা সমূহ সঠিক ৰূপত ৰূপায়ন কৰা হৈছেনে পৰ্যালোচনা কৰিবলৈ আহ্বান জনাইছে।

Related News