NORTHEAST NOW (Assamese)

বৰদলৈ ট্ৰফীত অইল ইণ্ডিয়াক হৰুৱাই ষষ্ঠবাৰলৈ চেম্পিয়ন কলকাতাৰ মহমেদান স্প’ৰ্টিং

November 9, 2018 10:22 am · এন ই নাও নিউজ
বিজয়ী মহমেদান স্পৰ্টিং ক্লাৱৰ দলটো। ফটো : ইউ বি

৬৫ সংখ্যক ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফী ফুটবল টুৰ্ণামেণ্টত কলকাতাৰ মহমেদান স্প’ৰ্টিং ক্লাবে চেম্পিয়নৰ খিতাপ অৰ্জন কৰে। গুৱাহাটী ক্ৰীড়া সন্থাৰ দ্বাৰা আয়োজিত প্ৰতিযোগিতাখনৰ বৃহস্পতিবাৰে নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত ফাইনেলত মহমেদান স্প’ৰ্টিং ক্লাবে দুলীয়াজানৰ অইল ইণ্ডিয়া ফুটবল ক্লাবক ৩-১ গ’লৰ ব্যৱধানত পৰাস্ত কৰে চূড়ান্ত খিতাপ অৰ্জন কৰে।মহমেদান স্প’ৰ্টিঙে এইবাৰকে ধৰি ষষ্ঠবাৰৰ বাবে বৰদলৈ ট্ৰফী হস্তগত কৰিলে।

ফাইনেল খেলখনৰ প্ৰথমাৰ্ধত অইল ইণ্ডিয়াই কিছু প্ৰত্যাহ্বান সৃষ্টি কৰিলেও সেয়া বেছি সময় ধৰি ৰাখিব নোৱাৰিলে।খেলৰ ২৬ মিনিটত নাইজেৰিয়ান খেলুৱৈ চালাছ আথটাই প্ৰথমটো গ’ল দি মহমেদান স্প’ৰ্টিঙক ১-০ৰ অগ্ৰগতি দিয়ে।

দ্বিতীয়াৰ্ধত অধিক আক্ৰমণমুখী খেল প্ৰদৰ্শন কৰি মহমেদান দলৰ হৈ নাইজেৰিয়ান খেলুৱৈ ফিলিপ এডজাহে ক্ৰমে ৬০ আৰু ৬২ মিনিটত উপৰ্যুপৰি দুটা গ’ল দি ব্যৱধান ৩-০ লৈ বৃদ্ধি কৰে।

আনহাতে, মেচৰ ৮৭ মিনিটত মহমেদান দলৰ গ’লপ’ষ্টৰ সন্মুখত সৃষ্টি হোৱা খেলিমেলিৰ সুযোগ গ্ৰহণ কৰি অইল ইণ্ডিয়াৰ হৈ একমাত্ৰ গ’লটো পৰিশোধ কৰে চিৰণদীপ মৰাণে।

চেম্পিয়ন সূত্ৰে মহমেদান স্প’ৰ্টিঙে ট্ৰফীসহ ৩ লাখ আৰু অইল ইণ্ডিয়া দলে ট্ৰফীসহ ২ লাখ টকাৰ চেক লাভ কৰে।

ফাইনেল খেলখন পৰিচালনা কৰে জেহিৰুল ইছলাম, প্ৰসাদ ৰাভা, তহিদউল্লাহ আৰু সতীশ ৰাভাই। বিজয়ী দলৰ ফিলিপ এডজাহক শ্ৰেষ্ঠ খেলুৱৈ আৰু একে দলৰ লাল্টু মণ্ডলক শ্ৰেষ্ঠ গ’লৰক্ষকৰ বঁটা প্ৰদান কৰা হয়।

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে খেলৰ প্ৰাৰম্ভতে উপস্থিত হৈ ভাষণ প্ৰসংগত ঐতিহ্যমণ্ডিত বৰদলৈ ট্ৰফী প্ৰতিযোগিতাৰ উত্তৰোত্তৰ উন্নতি কামনা কৰে।

Related News