অসমৰ চাহৰ সুনাম অব্যাহত; নিলামত মাইজান চাহ বাগিছাৰ চাহৰ দৰ উঠিল প্ৰতি কেজিত ৭০,৫০১ টকা

Assam tea garden

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ। উৎস-ইণ্টাৰনেট

গুৱাহাটী চাহ নিলাম কেন্দ্ৰত চলি থকা চাহৰ নিলামত পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি আসাম কোম্পানী লিমিটেডৰ মাইজান চাহ বাগিছাৰ সোণালী চাহ প্ৰতি কিলোগ্ৰামত ৭০,৫০১ টকা মূল্যত বিক্ৰী হয়।

গুৱাহাটীৰ মুন্দ্ৰা চাহ প্ৰতিষ্ঠানে অভিলেখ সংখ্যক মূল্যৰ বিনিময়ত চাহ খিনি ক্ৰয় কৰে আৰু তেওঁলোকৰ বেলজিয়ামৰ গ্ৰাহক চেভেন প্লাইজিয়াৰ আৰু নামাহ মাৰ্কেটিঙৰ সৈতে ইয়াৰ অংশীদাৰিত্ব বিক্ৰী কৰিব।

মাইজান চাহ বাগিছাৰ চাহখিনি ক্ৰয় কৰাৰ পাছত ৰমেশ মুন্দ্ৰাই তেওঁৰ প্ৰতিষ্ঠানটোৱে চাৰিবছৰৰ পৰা অনলাইন পদ্ধতিত চাহ বিক্ৰীৰ সৈতে জড়িত হৈ আছে বুলি মন্তব্য কৰে।

আনহাতে, মুন্দ্ৰাই অভিলেখ মূল্যৰ বিনিময়ত ক্ৰয় কৰা চাহখিনি গজানন্দ পাৰৱাল মালিকাধীন ৰাজস্থানৰ জয়পুৰৰ প্ৰতিষ্ঠান মহেশ্বৰী টি কোম্পানী প্ৰাইভেট লিমিটেডৰ হাতত বিক্ৰী কৰিব বুলি উল্লেখ কৰে।

উল্লেখযোগ্য যে, চলিত সপ্তাহত গুৱাহাটী চাহ নিলাম কেন্দ্ৰত অনুষ্ঠিত হোৱা চাহ নিলামত ডিব্ৰুগড়ৰ মানোহৰী গোল্ড চাহে প্ৰতি কিলোগ্ৰামত ৫০,০০০ টকা মূল্য লাভ কৰি অভিলেখ গঢ়িছিল যদিও মাইজান চাহ বাগিছাৰ চাহে সেই অভিলেখ ভংগ কৰে।