দুৰ্গা পূজাৰ সময়ত দৰ্শনাৰ্থীৰ বাবে বন্ধ থাকিব টুক্ৰেশ্বৰী দেৱালয়ৰ পাহাৰৰ মূূূল মন্দিৰ

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আহ্বানৰ প্ৰতি সঁহাৰি ,ঘৰত থাকিয়ে ভক্তপ্ৰাণ ৰাইজক মা দুৰ্গাৰ আশীৰ্বাদ ল’বলৈ আহ্বান

Screenshot_2020-

 যিমানে দিন গৈছে সিমানেই অসমত ভয়ংকৰ ৰূপ লৈছে কোভিড ১৯ -এ ৷ ফলত ল’কডাউন প্ৰত্যাহাৰ কৰিলেও ক’ৰোনাৰ নীতি-নিয়মেৰে পূজা-পাৰ্বন অনুষ্ঠিত কৰিবলৈ চৰকাৰে ৰাইজক বাৰম্বাৰ অনুৰোধ জনাই আছে ৷

আগন্তুক দুৰ্গাপূজাতো যদি ৰাইজে আগৰ নিচিনাকৈ ওলাই আহে তেন্তে ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হ’ব লাগিব বুলি আশংকা প্ৰকাশ কৰি স্বাস্থ্যমন্ত্ৰী হিমন্ত বিস্ব শৰ্মাই দুৰ্গাপূজা অনুষ্টুপীয়াকৈ অনুষ্ঠিত কৰাৰ আহ্বান জনাইছে৷

স্বাস্থ্যমন্ত্ৰীৰ এই আহ্বানৰ প্ৰতি সঁহাৰি জনাই গোৱালপাৰাৰ ঐতিহাসিক টুক্ৰেশ্বৰী দেৱালয়ত ক’ৰোনাৰ নীতি-নিৰ্দেশনা মানি অনুষ্ঠিত হ’ব দুৰ্গাপূজা৷

এক সংবাদমেল অনুষ্ঠিত কৰি  মন্দিৰ পৰিচালনা সমিতিয়ে জনায় যে- “কৃষ্ণাইৰ টুকুৰাস্থিত ঐতিহাসিক টুক্ৰেশ্বৰী দেৱালয়ত পূজাৰ সময়ত বন্ধ থাকিব মূল মন্দিৰৰ প্ৰৱেশদ্বাৰ৷

দৰ্শনাৰ্থীৰ বাবে বন্ধ থাকিব পাহাৰৰ ওপৰত অৱস্থিত মূল মন্দিৰৰ পথ৷

যিসকল ভক্তই মন্দিৰৰ চৌহদত প্ৰৱেশ কৰিব, সকলোৱে সামাজিক দূৰত্ব আৰু মাস্ক পৰিধান কৰাটো বাধ্যতামূলক৷

দৰ্শনাৰ্থীৰ ভিৰ বেছি হ’লে বন্ধ কৰি দিয়া হ’ব মন্দিৰৰ মূল প্ৰৱেশদ্বাৰো৷

সেয়ে উদ্যোক্তাসকলে  সকলো ভক্ত প্ৰাণ ৰাইজে এইবেলি ঘৰত থাকিয়ে মা দুৰ্গাৰ আশীৰ্বাদ লবলৈ আহ্বান জনাইছে৷অৱশ্যে  বলিবিধানৰ বাবে  জনাজাত টুক্ৰেশ্বৰী দেৱালয়ত  এইবেলি বলি নিয়ম মাফিক হ’ব বুলিও জানিবলৈ দিয়ে মন্দিৰ পৰিচালনা সমিতিয়ে ৷

উল্লেখযোগ্য যে, ১৭০০ শতিকাত তাহানিৰ বিজনীৰ ৰজা কুমুদ নাৰায়ণৰ দিনতে আৰম্ভ হোৱা এই শাৰদীয় দুৰ্গা পূজা মৃন্ময় মূৰ্ত্তি অবিহনেই চলি আছে ৷

প্ৰতি বছৰে অষ্টমী আৰু নৱমীত লাখ লাখ ভক্তৰ সমাগম হয় এই টুক্ৰেশ্বৰী দেৱালয়ত । কিন্তু এই বেলি প্ৰথমবাৰ অনুষ্টুপীয়াকৈ, অতি কম ৰাইজৰ উপস্থিতিত এই পূজা অনুষ্ঠিত কৰিব যো-জা চলাইছে সমিতিয়ে ৷