শিৱসাগৰ জিলা প্ৰশাসনৰ ৰাইজক শান্তি-সম্প্ৰীতি বজাই ৰখাৰ আহ্বান

যোৱা ১ নৱেম্বৰত সংঘটিত নৰসংহাৰৰ ঘটনাৰ প্ৰৰিপেক্ষিতত যাতে কোনো কুপ্ৰভাৱ নপৰে আৰু জিলাখনত বিৰাজমান শান্তি-সম্প্ৰীতি আৰু ভাতৃত্বৰ বাতাবৰণ অক্ষুণ্ণ ৰখাৰ লগতে ৰাইজে যাতে কোনো ধৰণৰ প্ৰৰোচনামূলক মন্তব্য বা উৰাবাতৰিৰ বশৱৰ্তী নহয় ইয়াৰ প্ৰতি শিৱসাগৰ জিলা প্ৰশাসনে চোকা দৃষ্টি ৰাখিছে।

এই সন্দৰ্ভত ৰাজ্য চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ নিৰ্দেশ মৰ্মে শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগত উপায়ুক্ত কাৰ্যালয়ৰ চ্যুকাফা সভাকক্ষত জ্যেষ্ঠ নাগৰিক, ব্যৱসায়িক সন্থা, ছাত্ৰ সংগঠন, বিভিন্ন সামাজিক দল-সংগঠন আৰু সচেতন নাগৰিক সকলৰ সৈতে জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাই এক বৈঠকত মিলিত হয়।

সভাত উপায়ুক্ত গৰাকীয়ে সকলোকে পাৰস্পৰিক সদ্ভাৱ বজাই ৰখাৰ লগতে কোনো কাৰণতে যাতে বিচ্ছিন্নতাবাদী শক্তিসমূহে অশান্তিময় পৰিৱেশৰ সৃষ্টি কৰিব নোৱাৰে তাৰ বাবে ৰাইজৰ মাজত ইতিবাচক বাৰ্তা প্ৰেৰণ কৰিবলৈ অনুৰোধ জনায়।

উপায়ুক্ত গৰাকীয়ে লগতে ছ’চিয়েল মিডিয়াৰ ওপৰতো সতৰ্ক দৃষ্টি ৰাখিবলৈ আৰক্ষী অধীক্ষৰ সুবোধ সোণোৱালক অনুৰোধ জনায়।

আৰক্ষী অধীক্ষক সোণোৱালে নিজ বক্তব্যত জিলাখনৰ শান্তি-শৃংখলা বজাই ৰখাৰ ক্ষেত্ৰত আৰক্ষী বিভাগে গ্ৰহণ কৰা তৎপৰতাৰ বিষয়ে অৱগত কৰে।

সভাত শেহতীয়াভাৱে দুৰ্বৃত্তৰ হাতত প্ৰাণ হেৰুৱা নিৰীহ লোক সকলৰ আত্মাৰ সদগতিৰ বাবে মৌন প্ৰাৰ্থনা কৰে।