NORTHEAST NOW (Assamese)

শিৱসাগৰত বিধ্বংসী অগ্নিকাণ্ড: জুইত জাহ গ’ল কেইবালাখ টকাৰ সম্পত্তি

February 22, 2019 6:39 am · পাৰ্শ্বজ্যোতি গগৈ
শিৱসাগৰৰ বাবুপট্টি মিদুল পথত বৃহস্পতিবাৰে সংঘটিত হোৱা বিধ্বংসী অগ্নিকাণ্ড। ফটো : নৰ্থইষ্ট নাও

শিৱসাগৰৰ এটা ভাৰাঘৰত সংঘটিত হোৱা এক বিধ্বংসী অগ্নিকাণ্ডই বৃহস্পতিবাৰে তীব্ৰ আতংকৰ সৃষ্টি কৰে। সন্ধিয়া প্ৰায় ৬ বজাত শিৱসাগৰৰ বাবুপট্টি মিদুল পথত  এই ভয়াবহ অগ্নিকাণ্ডটো সংঘটিত হয়।

বাবুপট্টিৰ মিদুল পথৰ আব্দুল্লা ওৰফে ঠুনুৰ ভাড়াঘৰত এই অগ্নিকাণ্ডটোৰ সূত্ৰপাত হোৱা বুলি জানিব পৰা গৈছে।

অগ্নিকাণ্ডটোৰ ফলত স্থানীয় ৬ টা বাসগৃহ আৰু ১২ টাকৈ ভাড়াঘৰসহ মুঠ ১৮ টা বাসগৃহ সম্পূৰ্ণ ৰূপে ভষ্মীভূত হৈ পৰে। তদুপৰি,কেইবা লাখ টকাৰ সম্পত্তি জুইত জাহ যোৱাৰ অনুমান কৰা হৈছে।

সন্ধিয়া অগ্নিকাণ্ডটো সংঘটিত হোৱাৰ পাছতে স্থানীয় লোকে অগ্নিনিৰ্বাপক বাহিনীক খৱৰ দিয়ে। খৱৰ পোৱাৰ পাছতে ঘটনাস্থলীত ৪ খন অগ্নি নিৰ্বাপক বাহন উপস্থিত হৈ জুই নিয়ন্ত্ৰন কৰিবলৈ সক্ষম হয়।

ইপিনে,অগ্নিকাণ্ডৰ কাৰণ সম্পৰ্কে এই মুহূৰ্তলৈকে জানিব পৰা হোৱা নাই যদিও চিলিণ্ডাৰৰ গেছৰ পৰাই এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে।

Related News