মণিপুৰৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয় তথা সচিবালয়ৰ সমীপৰ পৰিত্যক্ত গৃহত ভয়ংকৰ অগ্নিকাণ্ড

মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙৰ কাৰ্যালয় তথা নতুন সচিবালয় ভৱনৰ সমীপত এটা পৰিত্যক্ত গৃহত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়।

শনিবাৰে ৰাজধানী ইম্ফলত ৰাজ্য চৰকাৰৰ সচিবালয়ৰ পৰা কেইশ মিটাৰ নিলগত পৰিত্যক্ত গৃহটোত অগ্নিকাণ্ড সংঘটিত হয়।

অগ্নিনিৰ্বাপক বাহিনীৰ সূত্ৰই জনোৱা মতে, অৱসৰপ্ৰাপ্ত আই এ এছ বিষয়া তথা গোৱাৰ প্ৰাক্তন মুখ্য সচিব প্ৰয়াত থাংখোপাও কিপগেনৰ ঘৰটো জুইৰ লেলিহান শিখাই আগুৰি ধৰে।

অগ্নিকাণ্ড সংঘটিত হোৱা গৃহটো অতি ব্যস্ত অঞ্চলৰ কুকি ইন কমপ্লেক্সৰ গাতে লাগি থকা আৰু ইম্ফলৰ বাবুপাৰাত মণিপুৰৰ মুখ্যমন্ত্ৰীৰ বাসগৃহৰ বিপৰীতে অৱস্থিত।

লগতে পঢ়কঃ T-20 World Cup: বৰষুণৰ বাবে বাতিল ভাৰত-কানাডাৰ মেচ; অপৰাজিত থাকিয়েই ছুপাৰ এইটলৈ ৰোহিত বাহিনী

অগ্নিকাণ্ডৰ খবৰ পাই চাৰিটা অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী সেই স্থানত উপস্থিত হয়। এই অগ্নিকাণ্ডত এতিয়ালৈকে কোনো লোক হতাহতৰ খবৰ পোৱা নাই।

চৰকাৰী সচিবালয় চৌহদৰ সমীপতে কেনেদৰে বিধ্বংসী অগ্নিকাণ্ড সংঘটিত হ’ল তাৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীয়ে।

এবছৰতকৈও অধিক সময় ধৰি হিংসাত্মক পৰিস্থিতিৰ মাজত ৰৈছে মণিপুৰ। লোকসভা নিৰ্বাচনৰ সময়তো কেইবাঠাইতো হিংসাত্মক ঘটনা সংঘটিত হৈছিল। কেই সপ্তাহ পূৰ্বে জিৰিবাম জিলাত দুটা সম্প্ৰদায়ৰ মাজত সংঘৰ্ষৰ ফলত পুনৰ উত্তেজনা বিয়পি পৰিছিল।

লগতে পঢ়কঃইণ্টাৰনেটত ডিপফেক উপাদানৰ বৰ্দ্ধিত প্ৰয়োভৰ! ‘ডিজিটেল ইণ্ডিয়া বিধেয়ক’ সংসদত উত্থাপনৰ পৰিকল্পনা মোদী চৰকাৰৰ

ইয়াৰ পিছতে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত মুখ্যমন্ত্ৰীৰ নিৰাপত্তাৰক্ষীৰ কনভয়ত দুষ্কৃতিকাৰীয়ে আক্ৰমণ কৰিছিল। এই আক্ৰমণত আহত হৈছিল মইৰাংথেম আজেশ নামৰ এজন আৰক্ষী জোৱান।