সুদীৰ্ঘ চাৰিটা দশকৰ পিছত আলফা(স্বা) ত্যাগ কৰিলে জ্যেষ্ঠ নেতা জীৱন মৰাণে; কিয় ল’লে এই সিদ্ধান্ত?

index.jpgz

সংযুক্ত মুক্তি বাহিনী, অসম(স্বাধীন)ৰ বয়োজ্যেষ্ঠ নেতা জীৱন মৰাণে অৱশেষত ত্যাগ কৰিছে সংগঠন।

সূদীৰ্ঘ চাৰিটা দশক উত্তৰ পূৱ ভাৰতৰ অন্যতম বিদ্ৰোহী সংগঠনটোৰ নেতৃত্ব দি অহা ৬৫ বছৰীয়া জীৱন মৰাণক সম্পূৰ্ণ স্বাস্থ্যজনিত কাৰণত আলফা(স্বা)ৰ পৰা অব্যাহিত দিয়াৰ কথা ঘোষণা কৰিছে সংগঠনটোৱে।

মেজৰ জেনেৰেল জীৱণ মৰাণে স্বাস্থ্য আৰু বয়সজনিত কাৰণত আলফা(স্বা)ৰ পৰা অব্যাহতি বিচৰা বুলি জানিব পৰা গৈছে। ইয়াৰ পিছতে আলফা(স্বা)ৰ বয়োজ্যেষ্ঠ নেতাগৰাকীক সংগঠনটোৰ পৰা অব্যাহতি প্ৰদান কৰা হৈছে।

আজি অৰ্থাৎ ২৫ এপ্ৰিলত সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত অলফা(স্বা) সভাপতি ডাঃ অভিজিত অসমে কয় যে “সংযুক্ত মুক্তি ৰাহিনী, অসম (স্বাধীন) সংগঠনৰ বিত্ত সম্পাদক ‘মেজৰ জেনেৰেল জীৱন অসম’ ডাঙৰীয়াৰ স্বাস্থ্য আৰু বৰ্তমানৰ প্ৰতিকূল অৱস্থানত সু-চিকিৎসাৰ অভাৱত আপোনাৰ বাবে আমি অত্যন্ত চিন্তিত। সেয়ে, আমাৰ সংগঠনৰ পৰা ঘৰলৈ গৈ চিকিৎসা লোৱা আৰু পৰিয়ালৰ মাজত জীৱনৰ বাকী কাল কটোৱাৰ মনোবাঞ্ছাক গ্ৰাহ্য কৰি আজি ইংৰাজী ২৫/০৪/২০২১ তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈ সংগঠনৰ সকলো দা-দায়িত্বৰ পৰা অব্যাহতি প্রদান কৰি আপোনাক সসন্মানে বিদায় অনুমোদন কৰা হ’ল।”

উত্তৰ পূৱৰ অন্যতম বিদ্ৰোহী সংগঠনটোৰ সভাপতিগৰাকীয়ে লগতে আৰু কয় যে “সংযুক্ত মুক্তি বাহিনী অসম (স্বামীন) সংগঠনৰ এজন লৌহ স্থিতিৰ বিশিষ্ট সতীৰ্থৰ ওপজা মাটিলৈ ওভতনি যাত্ৰাত সংগঠনৰ প্রতিজনৰ হৈ শুভকামনা জনালোঁ।”

উল্লেখ্য যে ১৯৮৪ চনত আলফাত যোগদান কৰি দ্বিতীয় বেটচৰ সদস্য হিচাপে ম্যানমাৰ কাচিন আৰ্মিৰ প্ৰশিক্ষণ গ্ৰহণ কৰা জীৱন মৰাণ ওৰফে গুণড ডাঙৰীয়াই সুদীৰ্ঘ ৩৭ বছৰ ধৰি বিদ্ৰোহী সংগঠনটোৰ বিভিন্ন গুৰুত্বপূৰ্ণ পদবীত সুচাৰুৰূপে দায়িত্ব পালন কৰি আহিছে।

সংগঠনটোৰ পৰা অব্যাহতি লোৱাৰ পিছতে আলফা(স্বা)ৰ জ্যেষ্ঠ নেতা মেজৰ জেনেৰেল জীৱন মৰাণে অসুখীয়া স্বাস্থ্যৰ চিকিৎসা গ্ৰহণ কৰাৰ লগতে তিনিচুকীয়া জিলাৰ কাকপথাৰৰ উবনত থকা নিজ গৃহত জীৱনৰ বাকী কালছোৱা পৰিয়ালৰ সৈতে কটাব বুলি জানিব পৰা গৈছে।