অসম আৰক্ষীত সাল-সলনি; চি আই ডিৰ আৰক্ষী অধীক্ষক পদলৈ লীনা দলে

লোকসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত অসম আৰক্ষীত ব্যাপক সালসলনি কৰা হৈছে। এই অনুসৰি ডিচিপি (চেণ্ট্ৰেল) ৰঞ্জন ভূঞাক অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ এআইজি(আৰ) পদলৈ বদলি কৰা হৈছে। একেদৰে মাজুলীৰ এ এছ পি লীনা দলেক চি আই ডিৰ এছ পি পদলৈ, ষষ্ঠ এ পি বি এনৰ কমাণ্ডেণ্ট প্ৰতাপ সিনহাক ১৫নং এ পি (আই আৰ) বি এনৰ কমাণ্ডেণ্ট ৰূপে, ১৫নং এ পি (আই আৰ) বি এনৰ কমাণ্ডেণ্ট সঞ্জীৱ শেখৰ ৰয়ক বদলি কৰা হৈছে ষষ্ঠ এ পি বি এনৰ কমাণ্ডেণ্ট ৰূপে।

প্ৰথম এ এফ পি এফ বি এনৰ কমাণ্ডেণ্ট মিহিৰ গোস্বামীক ডিব্ৰুগড়ৰ এফ আৰ আৰৰ এছ পি ৰূপে, ১৯ সংখ্যক এ পি (আই আৰ) বি এনৰ কমাণ্ডেণ্ট মুছলেফ উদ্দিন আহমেদক ২২ নম্বৰৰ এপিবিএন (আৰ)ৰ কমাণ্ডেণ্ট ৰূপে, এ পি (আই আৰ) বি এনৰ কমাণ্ডেণ্ট জিতেন্দ্ৰ কুমাৰ দলেক দ্বিতীয় এএফপিএফ লৈ, ২০ নং এপি(আই আৰ) বিএনৰ কমাণ্ডেণ্ট শান্তনু শৰ্মা পাঠকক ১৪নং এপিবিএনৰ কমাণ্ডেণ্ট ৰূপে, দৰঙৰ এএছপি সত্যজিৎ নাথক যোৰহাটৰ এফআৰআৰঅ’ৰ এছ পি ৰূপে, নগাঁৱৰ এএছপি ৰিপুল দাসক অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ এ আই জি (এল)লৈ, কোকৰাঝাৰৰ এ এছ পি কে কে গুপ্তাক গুৱাহাটীৰ এফ আৰ আৰ অ’ৰ এছ পি পদলৈ বদলি কৰা হৈছে।

নলবাৰীৰ এএছপি সুৰেন মাছাৰীক বঙাইগাঁৱৰ এফ আৰ আৰ অ’ৰ এছ পি ৰূপে, শিৱসাগৰৰ এ এছ পি পত্ৰিক ৰংহাঙক শিলচৰৰ এফ আৰ আৰ অ’ৰ এছ পি ৰূপে, এ ডি চি পি (বি) মিৰাণ্ডা কাদম ইংতিপীক নগাঁৱৰ এফ আৰ আৰ অ’ৰ এছ পি ৰূপে, চি আই ডিৰ এছ পি পবীন্দ্ৰ কুমাৰ নাথক মানৱ অধিকাৰ আয়োগৰ এছ পি ৰূপে, ১৮নং এপিবিএনৰ কমাণ্ডেণ্ট বিজয়গিৰি কুলিগ্ৰামক ২৬ নং এ পি (আই আৰ) বি এনৰ কমাণ্ডেণ্ট ৰূপে, দ্বিতীয় এ পি টি এফৰ কমাণ্ডেণ্ট ধৰ্মেন্দ্ৰ কুমাৰ দাসক ডি চি পি (চেণ্ট্ৰেল) ৰূপে, ১৪ নং এ পি বি এনৰ কমাণ্ডেণ্ট দেৱেন্দ্ৰ ডেকাক ১৯ নং এপি(আই আৰ) বিএনৰ কমাণ্ডেণ্ট ৰূপে, দক্ষিণ শালমৰাৰ এ এছ পি ৰাজমোহন ৰয়ক ৯নং এপিবিএনৰ কমাণ্ডেণ্ট ৰূপে বদলি কৰা হৈছে।

হোজাইৰ এছপি আজাগ্ৰন বসুমতাৰীক ৮নং এপিবিএনৰ কমাণ্ডেণ্টৰ দায়িত্ব, দিল্লীৰ অসম ভৱনৰ এএছপি বুধিন্দ্ৰ নাথ মৰাঙক ডিচিপি (অভিযান) ৰূপে, এডিচিপি (এছ) ডম্বৰুধৰ হাজৰিকাক ২০নং এপি (আই আৰ) বি এনৰ কমাণ্ডেণ্ট ৰূপে, কমাণ্ডো বেটেলিয়নৰ ডেপুটী কমাণ্ডেণ্ট মণ্টু ঠাকুৰীয়াক প্ৰথম এএফপিএফ বেটেলিয়নৰ কমাণ্ডেণ্ট ৰূপে, এফ আৰ আৰ অ’ৰ ভূপেন্দ্ৰনাথ হাজৰিকাক আৰক্ষী কমাণ্ডেণ্ট প্ৰশিক্ষণ কেন্দ্ৰলৈ বদলি কৰা হৈছে।