ৰাস উদযাপনক লৈ আয়োজক সমিতিৰে মাজুলী জিলা প্ৰশাসনৰ বৈঠক

পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰত ব্যৱহাৰ কৰিব নোৱাৰিব ৰাস উদযাপন মঞ্চক

IMG-20181112-WA0033

মাজুলীৰ ঐতিহ্যমণ্ডিত ৰাস মহোৎসৱ পূৰ্বৰ দৰে এইবাৰো সুচাৰুভাৱে উদযাপনৰ বাবে সমগ্ৰ জিলাখনতে ইতিমধ্যে ব্যাপক আয়োজন চলিছে। অহা ২২, ২৩ আৰু ২৪ নৱেম্বৰত তিনিদিনীয়াকৈ অনুষ্ঠিতব্য ভগৱান শ্ৰীকৃষ্ণৰ ৰাসলীলা সুশৃংখল আৰু সফলতাৰে আয়োজন কৰাত সকলোৰে সহযোগ বিচাৰি মাজুলী জিলা প্ৰশাসনে আজি জিলাখনৰ বিভিন্ন স্থানত ৰাসলীলা উদযাপন কৰি অহা আয়োজক সমিতিসমূহৰ সৈতে এখন বৈঠক অনুষ্ঠিত কৰে।

উপায়ুক্ত দেৱপ্ৰসাদ মিশ্ৰৰ সভাপতিত্বত অনুষ্ঠিত বৈঠকখনত জিলা প্ৰশাসনৰ ফালৰ পৰা ইতিমধ্যে জিলাখনত প্ৰযোজ্য হোৱা এইবাৰৰ পঞ্চায়ত নিৰ্বাচনৰ আদৰ্শ আচৰণ বিধিৰ বিষয়ে অৱগত কৰি ৰাসমঞ্চসমূহক পৰোক্ষ বা প্ৰত্যক্ষ কোনোধৰণৰ নিৰ্বাচনী প্ৰচাৰ তথা ৰাজনৈতিক গতি-বিধিৰ বাবে ব্যৱহাৰ কৰিবলৈ নিদিবলৈ ৰাসলীলা উৎসৱৰ আয়োজক সমিতিসমূহক সচেষ্ট কৰি দিয়া হয়।

ৰাসমঞ্চ তথা ৰাসৰ আয়োজনৰ মাধ্যমেৰে নিৰ্বাচনী প্ৰচাৰ বা ৰাজনৈতিক গতি-বিধি চলোৱাৰ বিষয়ে দৃষ্টিগোচৰ হ’লে, তেনে কাৰ্যক আদৰ্শ আচৰণ বিধিৰ উলংঘন হিচাপে গণ্য কৰা হ’ব বুলি আয়োজকসকলক স্পষ্ট কৰি দিয়ে অতিৰিক্ত উপায়ুক্ত চিন্ময় নাথে। মাজুলীৰ আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰায়, উপ আৰক্ষী অধীক্ষক দীপজ্যোতি তালুকদাৰৰ লগতে এপিডিচিএল, জনস্বাস্থ্য কাৰিকৰী আদি কেইবাটাও বিভাগৰ বিষয়া আৰু  ৰাসলীলা আয়োজনকাৰী ৰঙ্গমঞ্চসমূহৰ উদ্যোক্তাসকলে অংশগ্ৰহণ কৰা বৈঠকখনত পূৰ্বৰ দৰে এইবাৰো মাজুলীৰ গৰিমা আৰু সুনাম অক্ষুন্ন ৰাখি ৰাস মহোৎসৱ যাতে সাফল্যমণ্ডিত কৰি তুলিব পৰা যায়, তাৰ বাবে জিলাখনৰ সকলোৰে পৰা পূৰ্ণ সহযোগিতা কামনা কৰে উপায়ুক্ত মিশ্ৰই।

পূৰ্বৰ দৰে এইবাৰো আয়োজক সমিতিসমূহে নিজ নিজ ৰাসমঞ্চ তথা প্ৰেক্ষাগৃহৰ ক্ষেত্ৰত গড়কাপ্তানি (গৃহ), গড়কাপ্তানী (বৈদ্যুতিক), অগ্নি নিৰ্বাপণ বিভাগৰ পৰা ফিটনেছ চাৰ্টিফিকেট লোৱাৰ উপৰি ৰাসলীলা অনুষ্ঠিত কৰিবলৈ প্ৰশাসনৰ পৰা আগতীয়া অনুমতি গ্ৰহণ কৰিব লাগিব। ৰাসৰ কেইদিনত যিকোনো জৰুৰীকালীন পৰিস্থিতিত জিলা প্ৰশাসনৰ দিনে-নিশাই নিৰন্তৰ সক্ৰিয় নিয়ন্ত্ৰণ কক্ষৰ ফোন নম্বৰ ১০৭৭ত যোগাযোগ কৰিবলৈ আহ্বান জনায় অতিৰিক্ত উপায়ুক্ত নাথে। একেদৰে আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত স্থাপন কৰা মাজুলী আৰক্ষীৰ নিয়ন্ত্ৰণ কক্ষৰ যোগাযোগ নম্বৰ হৈছে ০৩৭৭৫২৭৪৪৬৩।