পঞ্চায়ত নিৰ্বাচনৰ বাবে সাজু মাজুলী জিলা প্ৰশাসন

Panchayat-elections-750x375

প্ৰতিনিধিত্বমূলক চিত্ৰ

ৰাজ্যিক নির্বাচনী আয়োগে ৰাজ্যত পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পাছতে মাজুলীৰ উপায়ুক্ত দেৱপ্ৰসাদ মিশ্ৰই যোৱা ৫ নৱেম্বৰৰ বিয়লি জিলাখনৰ অন্তৰ্গত পঞ্চায়তীৰাজ নিকায় সমূহত নিৰ্বাচনী আচৰণ বিধি জাৰি কৰে।

উপায়ুক্তগৰাকীয়ে জিলা পৰিষদ, আঞ্চলিক পঞ্চায়ত আৰু গাঁও পঞ্চায়তৰ বাবে পৃথকে জাৰি কৰা এই জাননীৰ জৰিয়তে মাজুলী জিলাৰ অন্তৰ্গত নৱগঠিত মাজুলী জিলা পৰিষদৰ সদস্য পদৰ ৪খন আসনৰ লগতে মাজুলী আৰু উজনি মাজুলী আঞ্চলিক পঞ্চায়তৰ সদস্য পদৰ ২০খন আসন, ২০টা গাঁও পঞ্চায়তৰ সভাপতি পদ আৰু ২০০টা ৱাৰ্ড সদস্য পদৰ বাবে নিৰ্বাচনী প্ৰক্ৰিয়া বিধিগত ভাৱে শুভাৰম্ভণি কৰে।

উপায়ুক্তই জাৰি কৰা জাননী অনুসৰি জিলা পৰিষদৰ সদস্য, আঞ্চলিক পঞ্চায়তৰ সদস্য আৰু গাঁও পঞ্চায়তৰ সভাপতি আসনৰ বাবে ইচ্ছুক প্ৰাৰ্থী তথা সমৰ্থকে উপায়ুক্তৰ কাৰ্যালয়ৰ পৰা মনোনয়ন পত্ৰ সংগ্ৰহ কৰাৰ লগতে অহা ১৫ নৱেম্বৰৰ বিয়লি ৩ বজাৰ ভিতৰত নিজৰ মনোনয়ন পত্ৰ দাখিল কৰিব পাৰিব।

একেদৰে গাঁও পঞ্চায়তৰ সদস্যৰ আসনৰ ইচ্ছুক প্ৰাৰ্থী তথা সমৰ্থকে মাজুলী আঞ্চলিক পঞ্চায়তৰ অন্তৰ্গত গাঁও পঞ্চায়ত সমূহৰ ক্ষেত্ৰত মাজুলী খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয় আৰু উজনি মাজুলী আঞ্চলিক পঞ্চায়তৰ অন্তৰ্গত গাঁও পঞ্চায়ত সমূহৰ ক্ষেত্ৰত উজনি মাজুলী খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ পৰা মনোনয়ন পত্ৰ সংগ্ৰহ কৰি অহা ১৫ নৱেম্বৰৰ বিয়লি ৩ বজাৰ ভিতৰত সংশ্লিষ্ট খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত দাখিল কৰিব লাগিব।

জিলা পৰিষদৰ সদস্য, আঞ্চলিক পঞ্চায়তৰ সদস্য আৰু গাঁও পঞ্চায়তৰ সভাপতি পদৰ প্ৰাৰ্থীৰ মনোনয়ন পত্ৰসমূহ অহা ১৬ নৱেম্বৰৰ পুৱা ১০.৩০ বজাত উপায়ুক্তৰ কাৰ্যালয়ত পৰীক্ষা কৰা হ’ব। সেইদিনা একেসময়তে গাঁও পঞ্চায়ত সদস্যৰ মনোনয়ন পত্ৰসমূহৰ পৰীক্ষণ পৰ্ব সংশ্লিষ্ট খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত সম্পন্ন কৰা হ’ব।

আনহাতে, মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন আৰু সময় হৈছে অহা ১৯ নৱেম্বৰৰ বিয়লি ৩ বজা। উল্লেখ্য যে অহা ৫ ডিচেম্বৰত ৰাজ্যৰ ১৬খন জিলাৰ লগতে মাজুলীতো অহা ৫ ডিচেম্বৰৰ পুৱা ৭ বজাৰ পৰা বিয়লি ৩ বজালৈ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব।