লকডাউনৰ সময়ত মাজুলীৰ দুখীয়া পৰিয়ালক সকাহ দিয়াৰ বিভিন্ন প্ৰয়াস জিলা প্ৰশাসনৰ

দেশজোৰা লকডাউনৰ সময়ছোৱাত মাজুলীৰ দুখীয়া পৰিয়ালসমূহক আৰ্থিক সকাহ দিয়াৰ প্ৰয়াস অব্যাহত ৰাখিছে জিলা প্ৰশাসনে।

কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে দৰিদ্ৰ পৰিয়ালসমূহলৈ জনধন একাউণ্টৰ জৰিয়তে আগবঢ়োৱা বিভিন্ন আঁচনিৰ অধীনৰ সাহায্যৰাশি হিতাধিকাৰী পৰিয়ালসমূহে লকডাউনৰ সময়ছোৱাত জৰুৰী প্ৰয়োজনীয়তা পূৰাবলৈ ব্যৱহাৰ কৰিব পৰাকৈ তেওঁলোকৰ হাতত নগদ ধন হিচাপে প্ৰদানৰ বাবে প্ৰশাসনৰ নিৰ্দেশত জিলাখনৰ বেংকসমূহে ব্যৱস্থা লৈছে।

জিলা প্ৰশাসনৰ নিয়মীয়া নিৰীক্ষণত মাজুলীৰ চাৰিটা বেংকৰ দহটা শাখাই ৩৬টা ‘কাষ্ট’মাৰ ছাৰ্ভিচ প’ইণ্ট’ (চিএছপি)ৰ জৰিয়তে এই দুখীয়া হিতাধিকাৰীসকলৰ মাজত ঘৰে ঘৰে গৈ চৰকাৰী আঁচনিৰ সাহায্যৰ নগদ ধনৰ বিতৰণ প্ৰক্ৰিয়া আৰম্ভ কৰিছে।

যোৱা ১৩ এপ্ৰিলৰ পৰা ২০ এপ্ৰিললৈ জিলাখনৰ ১০,৬০১গৰাকী জনধন যোজনাৰ গ্ৰাহক হিতাধিকাৰীলৈ প্ৰধান মন্ত্ৰী গৰীৱ কল্যাণ যোজনা (পিএমজিকেৱাই), প্ৰধান মন্ত্ৰী উজ্বালা যোজনা (পিএমইউৱাই), প্ৰধান মন্ত্ৰী কিষাণ সন্মান যোজনা (পিএমকিষাণ) আৰু মুখ্য মন্ত্ৰী কৃষি সা-সঁজুলি যোজনা (চিএমকেএছএছৱাই)ৰ অধীনৰ সাহায্যৰ নগদ ধন আগবঢ়াইছে বেংক আৰু চিএছপিসমূহে।

উল্লেখ্য যোগ্য যে, প্ৰধান মন্ত্ৰী জনধন যোজনাৰ অধীনত বেংক একাউণ্ট থকা দুখীয়া পৰিয়ালৰ হিতাধিকাৰীসকলৰ ভিতৰৰে পিএমজিকেৱাই হিতাধিকাৰী প্ৰতিগৰাকী মহিলালৈ ৫০০ টকাকৈ, পিএমইউৱাই হিতাধিকাৰী মহিলালৈ ৰন্ধন গেছ চিলিণ্ডাৰৰ ৰাজ সাহায্যৰ ধন ৭৬৪ টকাকৈ তেওঁলোকৰ একাউণ্টত কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে অনলাইন ব্যৱস্থাৰে প্ৰদান কৰিছে।

একেদৰে, পিএম কিষাণ সন্মান যোজনাৰ হিতাধিকাৰীসকললৈ কেন্দ্ৰীয় চৰকাৰে গাইপতি ২০০০ টকাকৈ আৰু মুখ্যমন্ত্ৰী কৃষি সা-সঁজুলি যোজনাৰ হিতাধিকাৰীলৈ অসম চৰকাৰেও গাইপতি ২৫০০ টকাকৈ তেওঁলোকৰ জনধন একাউণ্টত শেহতীয়াকৈ অনলাইন ট্ৰান্সফাৰ কৰিছে।

চৰকাৰে ল’কডাউনৰ সময়ত উপাৰ্জনহীন হৈ পৰা এই দুখীয়া পৰিয়ালসমূহে কিছু সকাহ পাব পৰাকৈ জৰুৰীভাৱে এই আঁচনিকেইখনৰ ধন ভাগে ভাগে জনধন একাউণ্টত ভৰাই দিয়াৰ ব্যৱস্থা কৰাৰ পাছত চৰকাৰৰ নিৰ্দেশত মাজুলী জিলা প্ৰশাসনে বেংকসমূহৰ জৰিয়তে এই চৰকাৰী সাহায্যৰাশি নগদ ধন হিচাপে জিলাখনৰ দুখীয়া হিতাধিকাৰী সকলে ঘৰে ঘৰে অথবা নিজ এলেকাতে লাভ কৰাৰ ব্যৱস্থা কৰে।

মাজুলীত সেৱা আগবঢ়োৱা পঞ্জাৱ নেছনেল বেংক (অধুনালুপ্ত ইউবিআই), ভাৰতীয় ষ্টেট বেংক, অসম গ্ৰামীণ বিকাশ বেংক আৰু ইউকো বেংকৰ অধীনৰ চিএছপিসমূহে দূখীয়া হিতাধিকাৰীলৈ চৰকাৰী সখহাৰৃযৰাশি নগদ ধন হিচাপে আগবঢ়োৱাৰ সমগ্ৰ ব্যৱস্থাটো মখজুলীৰ জিলা প্ৰমুখ বেংক প্ৰৱন্ধক সজীৱ কুমাৰ বৰাই তত্বাৱধান কৰিছে।