গীৰ্জা ভঙাৰ গোচৰ : আদালতৰ পৰা সময় ল’লে দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন গোস্বামীয়ে

সত্ৰাধিকাৰে ভঙা গীৰ্জা পুনৰ নিৰ্মাণ কৰি দিলেহে গোচৰ উঠাই লোৱাৰ আশ্বাস গোচৰীয়াৰ

Janardan Dev Goswami

গীৰ্জা আক্ৰমণ কৰি আদালতৰ চমন পোৱা প্ৰথমজন সত্ৰাধিকাৰ জনাৰ্দন গোস্বামী।

চৰম ধৰ্মীয় অসহিষ্ণুতাৰ নিদৰ্শনেৰে মাজুলীত গীৰ্জা ভঙাত আগভাগ লৈ আদালতৰ ৰোষত পৰা দক্ষিণপাট গৃহাশ্ৰমী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন গোস্বামীয়ে নিজৰ অধিবক্তাৰ জৰিয়তে আদালতৰ পৰা সময় বিচাৰিছে।

আদালতৰ পূৰ্বৰ নিৰ্দেশটো মতে, আজি ১১ ছেপ্টেম্বৰত সত্ৰাধিকাৰগৰাকী সোঁশৰীৰে আদালতত হাজিৰ হোৱাৰ তাৰিখ আছিল।

২০১৮ চনৰ ১৫ অক্টোবৰত সত্ৰাধিকাৰজনে এটা দলৰ নেতৃত্ব লৈ এটা গীৰ্জা আক্ৰমণ কৰি ভাঙি দিছিল আৰু তাৰ পিছতে খ্ৰীষ্টানধৰ্মী প্ৰশান্ত পায়েঙে গোচৰ তৰিছিল সত্ৰাধিকাৰজনৰ বিৰুদ্ধে।

তেওঁৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৪৪৭, ২৯৫, ২৯৮, ২৯৪, ৪২৭, ৫০৬/৩৪ চি,আৰ ডব্লিউ ৩৫৭ ধাৰাত এটা গোচৰ পঞ্জীয়ন (৩৫/২০১৯ নম্বৰত) হৈছিল।

এজন সত্ৰাধিকাৰৰ নেতৃত্বত গীৰ্জা আক্ৰমণৰ ঘটনাটোৱে ছ’চিয়েল মিডিয়াকে ধৰি বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰো সৃষ্টি কৰিছিল।

আৰ এছ এছৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক থকা গোস্বামী হিন্দু ৰক্ষা সেনা, অসমৰো প্ৰভাৰী।

আনহাতে গৃহাশ্ৰমী সত্ৰাধিকাৰজনৰ বিৰুদ্ধে গোচৰ উঠাই ল’বলৈ আন আন সত্ৰাধিকাৰ আৰু একাংশ ৰাইজে আৰু দল-সংগঠনে দাবী জনাইছে।

গোচৰীয়া পক্ষ তথা মাজুলী খ্ৰীষ্টান ঐক্য মঞ্চই শেহতীয়াকৈ স্পষ্ট কৰি দিছে যে শান্তি-সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ পৰিৱেশৰ অনুকূল হ’লে সত্ৰাধিকাৰগৰাকীয়ে ভাঙি দিয়া গীৰ্জা ঘৰ পুনৰ নিৰ্মাণ কৰি দিলেহে এই গোচৰ উঠাই লোৱাৰ কথা বিবেচনা কৰিব। তেওঁলোকে অন্যথা অদূৰ ভৱিষ্যতে সংঘাত বৃদ্ধি পাব বুলিও হুমকি দিয়ে।

য়ুনাইটেট খ্ৰীষ্টান ফ’ৰাম, মাজুলীৰ সম্পাদক পদ্ম পেগুয়ে কয় যে মিচিং জনগোষ্ঠীৰ লোকক হেয় জ্ঞান কৰিয়েই সত্ৰাধিকাৰ জনাৰ্দন দেৱগোস্বামীৰ নেতৃত্বত এটা দলে মিচিং গাঁৱত অনাধিকাৰ প্ৰৱেশ কৰি এইদৰে অতৰ্কিতে আক্ৰমণ কৰি গীৰ্জা ভাঙি দিছিল।

শেহতীয়াকৈ উদাৰ বৈষ্ণৱ ধৰ্মক অসহিষ্ণুতা আৰু হিন্দুত্বৰ ৰং দি একাংশ সত্ৰাধিকাৰে হিন্দুত্ববাদীৰ সৈতে একে সভাত শাৰী পোনোৱাৰ কেইবাটাও ঘটনা দেখা যায়। নাগৰিকত্ব সংশোধনী বিধেয়কৰ সমৰ্থন কৰিও বিতৰ্কত সোমাইছিল একাধিক সত্ৰাধিকাৰ।