আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ভাৰতকে ধৰি বিভিন্ন দেশৰ ওপৰত পাৰস্পৰিক শুল্ক আৰোপ কৰাৰ কথা আগতীয়াকৈ ঘোষণা কৰিছিল। ট্ৰাম্পে ঘোষণা কৰা অনুসৰি ২ এপ্ৰিল এই শুল্কৰ পৰিমাণ সদৰী কৰা হ’ব বুলি জানিব পৰা গৈছে। ট্ৰাম্পে এই দিনটোক আমেৰিকাৰ ‘মুক্তি দিৱস’ বুলি উল্লেখ কৰিছে।
ট্ৰাম্পৰ ভাষ্য আনুসৰি যি দেশে আমেৰিকাৰ পণ্যৰ ওপৰত শুল্ক আৰোপ কৰিব আমেৰিকাইও সেই দেশৰ পণ্যৰ ওপৰত একে পৰিমাণৰ শুল্ক আৰোপ কৰা হ’ব। সোমবাৰে হোৱাইট হাউছৰ মুখপাত্ৰ কেৰ’লিন লেভিটে কয় যে এই বিষয়ত কোনো ৰেহাই দিয়া নহ’ব।
হোৱাইট হাউছৰ মুখপাত্ৰই প্ৰকশ কৰা পৰিসংখ্যা অনুসৰি ইউৰোপীয়ান ইউনিয়নে আমেৰিকাৰ দুগ্ধজাত পণ্যত ৫০%, জাপানে আমেৰিকাৰ চাউলত ৭০০%, ভাৰতে আমেৰিকাৰ কৃষিজাত পণ্যত ১০০%, আৰু কানাডাই দুগ্ধজাত পণ্যত ৩০০% শুল্ক লগায় বুলি উল্লেখ কৰে.
হোৱাইট হাউছৰ মুখপাত্ৰ গৰাকীয়ে লগতে কয় ২ এপ্ৰিল বুধবাৰে ট্ৰাম্পে সবিশেষ প্ৰকাশ কৰিব। আৰু পাৰস্পৰিক শুল্ক লোৱা হ’ব আৰু আমেৰিকাৰ নাগৰিকে ন্যায় পাব বুলি উল্লেখ কৰে। গতিকে ২ এপ্ৰিলত স্পষ্ট হৈ পৰিব আমেৰিকাই কিমান শতাংশকৈ শুল্ক আৰোপ কৰিব।