টানত পৰি বান্দৰ নাচে! ভাৰতৰ সৈতে সংঘাতৰ বাবে ৰাষ্ট্ৰপতিকে অপসাৰণৰ দাবী মালদ্বীপত; চাপত পৰি দিল্লীমুখী মুইজু?

মালদ্বীপৰ ৰাষ্ট্ৰপতি মহম্মদ মুইজু। ফটোঃ সংগ্ৰহীত।

ভাৰতৰ সৈতে সংঘাতৰ মাজতে চীন ভ্ৰমণত গৈছে মালদ্বীপৰ ৰাষ্ট্ৰপতি মহম্মদ মুইজু। বেইজিং গৈ উপ স্থিত হৈয়েই তেওঁ চীনৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে। একে সময়তে দ্বীপ ৰাষ্ট্ৰখনত চীন সমৰ্থক ৰাষ্ট্ৰপতিগৰাকীক অপসাৰণৰ দাবী উঠিছে।

সুখে-দুখে কাষত থকা দীৰ্ঘদিনীয়া বন্ধু ভাৰতৰ সৈতে গঢ়ি উঠা তিক্ত সম্পৰ্কক দেশৰ ৰাজনৈতিক মহলৰ এক বৃহৎ অংশই মানি ল’ব পৰা নাই। এনে পৰিস্থিতিত মালদ্বীপ চৰকাৰে জনাইছে যে মুইজুৱে চীন ভ্ৰমণৰ পিছত মোডীক লগ কৰিবলৈ দিল্লীলৈ যাব।

শেহতীয়া সংঘাতকলৈ মুইজুক অপসাৰণৰ দাবী জনোৱা মালদ্বীপৰ অন্যতম নেতা হৈছে ডেম’ক্ৰেটিক পাৰ্টিৰ সাংসদ মহম্মদ আলী। মিখাইল নাছিম নামৰ আন এজন সাংসদেও সাম্প্ৰতিক পৰিস্থিতিৰ বাবে বৈদেশিক মন্ত্ৰী মুছা জমিৰৰ বিৰুদ্ধে সংসদত প্ৰশ্ন উত্থাপন কৰে।

লগতে পঢ়কঃ প্ৰসিদ্ধ অসমীয়া সংগীত শিল্পী ভূপেন উজীৰৰ ৮০ বছৰ বয়সত দেহাৱসান

আজিমে দাবী কৰে যে চীন সমৰ্থক মুইজুক ক্ষিপ্ৰতাৰে আঁতৰাবলৈ সকলো পদক্ষেপ গ্ৰহণ কৰা উচিত। মালদ্বীপৰ সৰ্ববৃহৎ বিৰোধী দল এমডিপিয়ে মুইজুৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱৰ আহ্বান জনাইছে।

কেইবাজনো বিৰোধী নেতাই ভাৰত-মালদ্বীপৰ দীৰ্ঘদিনীয়া সম্পৰ্কক স্মৰণ কৰে। ভাৰত মালদ্বীপৰ ৯১১ (জৰুৰীকালীন) নম্বৰ বুলি মুইজুক প্রত্যুত্তৰ দিয়ে প্রাক্তন প্রতিৰক্ষা মন্ত্রী আহমেদ দিদীয়ে৷ তেওঁ কয় আমাৰ বাবে ভাৰত প্ৰথম।

ইয়াৰ উপৰিও প্ৰাক্তন মন্ত্ৰী এমডিপি নেতা আহমেদ মাহলুফে কয় যে ভাৰতীয় পৰ্যটকে মালদ্বীপ বৰ্জনৰ ফলত আৰ্থিক প্ৰভাৱৰ ডাঙৰ প্ৰভাৱ পৰিব। তাক লৈ “মই গভীৰভাৱে চিন্তিত।”

লগতে পঢ়কঃঅৰ্থনৈতিক সংকটৰ আগজাননী লৈ আহে এনে ঘটনাই! চাণক্যই দি গৈছে ইংগিত

হয়তো ভাৰতৰ অসন্তুষ্টিৰ আগজাননী লৈ মালদ্বীপ চৰকাৰে চীন ভ্ৰমণৰ পিছত ৰাষ্ট্ৰপতি মুইজুৰ দিল্লী ভ্ৰমণৰ কথা ঘোষণা কৰিছে। দ্বীপ ৰাষ্ট্ৰখনৰ এজন চৰকাৰী বিষয়াই দাবী কৰিছে যে মুইজুৱে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰি কেইবাটাও দ্বিপাক্ষিক বিষয়ত আলোচনা কৰিব। চীনৰ পৰা উভতি অহাৰ পিছত ভাৰতলৈ যাত্ৰা কৰিব মুইজুৱে। অৱশ্যে ভাৰত-মালদ্বীপ-চীনৰ মাজত উত্তেজনা এতিয়াও অব্যাহত আছে।