NORTHEAST NOW (Assamese)

চূড়ান্ত এন আৰ চিক লৈ মমতা বেনাৰ্জীৰ প্ৰতিক্ৰিয়া; ইয়াক এক প্ৰহসন বুলি মন্তব্য

September 1, 2019 10:30 am · এন ই নাও নিউজ
Updated: September 1, 2019 5:24 pm
মমতা বেনার্জীৰ ফাইল ফটো।

পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীয়ে অসম এন আৰ চি সন্দৰ্ভত পুনৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে।

মমতাই কয় যে কোনে ইয়াক ৰাজনীতিৰ বাবে ব্যৱহাৰ কৰাৰ চেষ্টা কৰিছে ই সকলো উদঙাই দিছে। এতিয়া ৰাষ্ট্ৰক বহু কথা জনাবলগীয়া আছে।

‘’এন আৰ চিৰ পৰা বাদ পৰা সেই সকললৈ, বিশেষকৈ বৃহৎসংখ্যক বাংলাভাষী ভাই-ভনীলৈ মোৰ সহমৰ্মিতা প্ৰকাশ কৰিছো,’’-শনিবাৰে তেওঁ কয়।

অসমত প্ৰকৃত ভাৰতীয় নাগৰিকৰ তালিকা শনিবাৰে প্ৰকাশ পোৱা চূড়ান্ত এন আৰ চিত প্ৰায় ১৯ লাখ লোক আবেদনকাৰীৰ নাম বাদ পৰিছে যিসকলে এতিয়া অনিশ্চিত ভৱিষ্যতৰ সন্মুখীন হ’ব লাগিব।

টুইটাৰত মমতা বেনাৰ্জীয়ে লিখিছে, ‘’এন আৰ চিৰ ব্যৰ্থতাই ইয়াৰ পৰা ৰাজনৈতিক সুবিধা ল’বলৈ চেষ্টা কৰা সেই সকলোকে উদঙাই দিছে। তেওঁলোকে ৰাষ্ট্ৰক বহু উত্তৰ দিব লগা আছে।‘’

তেওঁ লগতে কয় যে এন আৰ চি প্ৰহসনৰ ঘটনা ঘটিছে যেতিয়া ই ‘’ সমাজৰ ভালৰ বাবে ৰাষ্ট্ৰৰ বৃহত্তৰ স্বাৰ্থতকৈ এক গোপন অভিপ্ৰায়ৰ দ্বাৰা পৰিচালিত হৈছে।‘’

ইয়াৰ পূৰ্বে তৃণমূল কংগ্ৰেছে কেন্দ্ৰ  বিজেপি চৰকাৰে এন আৰ চিৰ নামত অসমৰ পৰা বঙালীসকলক খেদি পঠোৱাৰ চেষ্টা কৰা বুলি অভিযোগ কৰিছিল আৰু কৈছিল যে এন আৰ চিৰ নাম অন্তৰ্ভুক্ত কৰাত ব্যৰ্থ হোৱা ১৯ লাখ বিদেশীৰ তেওঁলোকে দায়িত্ব ল’ব লাগিব।

মমতা বেনাৰ্জীয়ে লগতে চূড়ান্ত এন আৰ চিৰ পৰা বাদ পৰা প্ৰায় ১৯ লাখ লোকৰ প্ৰতি চিন্তা ব্যক্ত কৰি কয়,’’নিজৰ দেশতে লোকসকল গৃহহাৰা হৈ পৰিছে।‘’

তৃণমূল কংগ্ৰেছ এন আৰ চিৰ কঠোৰ সমালোচক হিচাপে বিবেচিত হৈ আহিছে আৰু কেন্দ্ৰ আৰু ৰাজ্যত থকা বিজেপি চৰকাৰক উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ পৰা বঙালীসকলক খেদি পঠোৱাৰ চেষ্টা কৰা বুলি অভিযুক্ত কৰিছিল।

‘’আমাৰ দলৰ (তৃণমূল কংগ্ৰেছ) মুৰব্বী (মমতা বেনাৰ্জী) চূড়ান্ত এন আৰ চিৰ পৰা বাদ পৰা ১৯ লাখ লোকক লৈ চিন্তিত। তেওঁলোকৰ কি হ’ব? তেওঁলোকৰ ভৱিষ্যত কি হ’ব? কেন্দ্ৰ চৰকাৰে তেওঁলোকৰ দায়িত্ব ল’ব লাগিব,’’-দলৰ নেতা হাকিমে কয়।

Related News