৫ মে’ত তৃতীয়বাৰ বাবে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব মমতা বেনাৰ্জীয়ে

Mamata Benarjee

বিপুলসংখ্যক আসন লাভ কৰি পশ্চিমবংগত পুনৰ ক্ষমতা দখল কৰিলে মমতা বেনাৰ্জীৰ তৃণমূল কংগ্ৰেছ দলে।

পুনৰ ক্ষমতা দখলৰ পিছতে একেৰাহে তৃতীয়বাৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিবলৈ সাজু হৈছে তৃণমূল কংগ্ৰেছৰ নেত্ৰী তথা বিগত দুটা কাৰ্যকালৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী।

তৃণমূল কংগ্ৰেছৰ দলীয় সূত্ৰই প্ৰকাশ কৰা অনুসৰি অহা ৫ এপ্ৰিলত ৰাজ্যখনৰ নতুন চৰকাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব মমতা বেনাৰ্জীয়ে।

তৃণমূল কংগ্ৰেছৰ মহাসচিব পাৰ্থ চট্টোপাধ্যায়ে প্ৰকাশ কৰা অনুসৰি ৫ মে’ত মুখ্যমন্ত্ৰী হিচাপে মমতা বেনাৰ্জীয়ে শপত গ্ৰহণ কৰিলেও ৬ মে’ত তৃণমূলৰ বিধায়কসকলে শপত গ্ৰহণ কৰিব।

ইফালে আজি মমতা বেনাৰ্জীয়ে তৃণমূল ভৱনলৈ আহি তৃণমূল কংগ্ৰেছৰ নৱনিৰ্বাচিত জনপ্ৰতিনিধিসকলৰ সৈতে এক বৈঠকত মিলিত হয়।

উক্ত বৈঠকতে তৃণমূলৰ নৱনিৰ্বাচিত বিধায়কসকলে মমতা বেনাৰ্জীক বিধায়নী দলৰ নেত্ৰী হিচাপে নিৰ্বাচিত কৰে।

ইফালে দলৰ নৱনিৰ্বাচিত বিধায়ক বিমান বন্দ্যোপাধ্যায়ক ‘প্ৰোটেম স্পীকাৰ’ হিচাপে নিৰ্বাচিত কৰা হৈছে। তেৱেঁ অহা ৬ নৱেম্বৰত নিৰ্বাচিত জনপ্ৰতিনিধিসকলক শপত বাক্য পাঠ কৰোৱাব।

উল্লেখ্য যে ২৭ মাৰ্চৰ পৰা ৬ এপ্ৰিললৈকে ৮ টা পৰ্যায়ত অনুষ্ঠিত পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ কালি ঘোষিত ফলাফলত ২৯২ খন আসনৰ ভিতৰত মমতা বেনাৰ্জীৰ নেতৃত্বাধীন তৃণমূল কংগ্ৰেছে ২১৩ খন আসন লাভ কৰিবলৈ সক্ষম হয়।