আজি নিৰ্ণয় হ’ব মমতা বেনাৰ্জীৰ মুখ্যমন্ত্ৰী আসনৰ ভৱিষ্যত!

Mamata Banerjee's Big Election Test Today To Keep Top Post

দক্ষিণ কলকাতাৰ বিধান সভাসমষ্টি ভৱানীপুৰৰ তিনি লাখতকৈও অধিক ভোটাৰে আজি তৃণমূল কংগ্ৰেছৰ নেত্ৰী মমতা বেনাৰ্জীৰ ভাগ্য নিৰ্ণয় কৰিব।

মুখ্যমন্ত্ৰী হিচাপে শপত লোৱাৰ কেইমাহমান পিছতেই নিজৰ আসন ৰক্ষাৰ বাবে নিৰ্বাচনত অৱতীৰ্ণ হৈছে মমতা বেনাৰ্জী।

এপ্ৰিল-মে’ত অনুষ্ঠিত বংগৰ বিধানসভা নিৰ্বাচনত তৃণমূল কংগ্ৰেছৰ বৃহৎ বিজয় স্বত্বেও নন্দীগ্ৰামৰ পৰা নিৰ্বাচন খেলা মমতা বেনাৰ্জী পৰাজিত হৈছিল।

আজি পুৱা প্ৰায় ৭ বজাত সমষ্টিটোত ভোটগ্ৰহণ আৰম্ভ হৈছে। ৩ অক্টোবৰত ইয়াৰ ভোট গণনা কৰা হ’ব। তৃণমূল কংগ্ৰেছৰ নেতা সোভান্দেব চট্টোপাধ্যায়ৰ পদত্যাগৰ বাবে ভৱানীপুৰ সমষ্টিত উপ নিৰ্বাচন অনুষ্ঠিত হৈছে।

নিৰ্বাচনত অৱতীৰ্ণ হোৱা মমতা বেনাৰ্জীয়ে সংবাদ মাধ্যমৰ আগত কয়, “মুখ্যমন্ত্ৰী হিচাপে অব্যাহত ৰাখিবলৈ মোৰ বিজয় প্ৰয়োজনীয়, কিয়নো কেৱল মইহে CAA, NRC, বিমুদ্ৰাকৰণ আৰু বিজেপিৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে যুঁজ দিম।”

বিজেপিয়ে ৪১ বছৰীয়া প্ৰিয়ংকা টিব্ৰুৱেলক ভৱানীপুৰ সমষ্টিত মমতা বেনাৰ্জীৰ প্ৰতিদ্বন্দী হিচাপে থিয় কৰাইছে। যদিও তেওঁ শেহতীয়া বিধানসভা নিৰ্বাচন আৰু ২০১৫ চনৰ পৌৰ নিৰ্বাচনত পৰাজিত হৈছিল, ৰাজ্য চৰকাৰৰ বিৰুদ্ধে নিৰ্বাচনোত্তৰ হিংসাৰ গোচৰত আবেদন কৰি তেওঁ জনপ্ৰিয়তা লাভ কৰিছিল। উল্লেখ্য যে প্ৰিয়ংকা টিব্ৰুৱেল কলিকতা উচ্চ ন্যায়ালয়ৰ অধিবক্তা হিচাপে কৰ্মৰত।

আনহাতে, চিপিএমে আন এজন অধিবক্তা শ্ৰীজীৱ বিশ্বাসক সমষ্টিটোত প্ৰাৰ্থিত্ব প্ৰদান কৰিছে।

নিৰ্বাচনী যুঁজখনে যি ধৰণৰ ৰাজনৈতিক উত্তাপ সৃষ্টি কৰিছে, তাৰ পৰিপ্ৰেক্ষিতত ভবানীপুৰ সমষ্টিত নিৰাপত্তা বৃদ্ধি কৰা হৈছে।

মঙলবাৰে সন্ধিয়াৰ পৰা ভোটকেন্দ্ৰসমূহৰ চাৰিওফালে ২০০ মিটাৰ পৰ্যন্ত ব্যক্তিৰ আগমন নিষিদ্ধ কৰা হৈছে, অঞ্চলটোত পাঁচজনৰো অধিক লোক একত্ৰিত হোৱাৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।

তদুপৰি কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনীৰ ৩৫ টাকৈ কোম্পানী মোতায়েন কৰা হৈছে, ২৭০ টা বুথৰ প্ৰতিটোত তিনিজন কৈ কৰ্মচাৰী উপস্থিত থাকিব লাগিব। এই বুথসমূহক সংবেদনশীল বুলি ঘোষণা কৰা হৈছে।
শ্ৰীমতী বেনাৰ্জীয়ে ভোটদান কৰা ৰাজ্যিক উচ্চ বিদ্যালয় মিত্ৰ ইনষ্টিটিউচন “অতি সংবেদনশীল” হিচাপে ঘোষণা কৰা ১৩ টা বুথৰ ভিতৰত আছে।

ভৱানীপুৰত মুঠ ১,১১,২৮৩ জন পুৰুষ আৰু ৯৫,২০৯ গৰাকী মহিলা ভোটাৰ আছে। তৃতীয় লিংগৰ ভোটাৰ আছে চাৰিজন।

ভাবানীপুৰৰ উপৰিও মুৰ্ছিদাবাদ জিলাৰ চামছেৰগঞ্জ আৰু জংগীপুৰ সমষ্টিতো নিৰ্বাচন অনুষ্ঠিত হ’ব।

উল্লেখ্য যে, বংগত বিজেপিক প্ৰতিহত কৰি জয় সাব্যস্ত কৰা তৃণমূল কংগ্ৰেছৰ নেত্ৰী মমতা বেনাৰ্জীক ইতিমধ্যে কেন্দ্ৰীয় পৰ্যায়ত বিৰোধী দল সমূহে প্ৰধান মন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে থিয় কৰোৱাৰ ইঙ্গিত দিছে।

এনে অৱস্থাত মমতা বেনাৰ্জীৰ বাবে উপ নিৰ্বাচনৰ ফলাফল লক্ষ্যণীয় ভূমিকা ল’ব।