NORTHEAST NOW (Assamese)

মমতা বেনাৰ্জীৰ ভাতৃ অসীম বেনাৰ্জীৰ কোভিডত মৃত্যু

May 15, 2021 5:23 pm · এন ই নাও নিউজ

কোভিডৰ সংক্ৰমণে দেশত বিষম পৰিস্থিতিৰ সৃষ্টি কৰাৰ সময়তে আজি বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ ভাতৃ অসীম বেনাৰ্জীৰ কোভিডত মৃত্যু ঘটে।

প্ৰাপ্ত তথ্য অনুসৰি কোভিডত আক্ৰান্ত হৈ মমতা বেনাৰ্জীৰ ভাতৃয়ে প্ৰায় এমাহ ধৰি চিকিৎসাধীন হৈ আছিল।

অৱশেষত কোভিডৰ সৈতে যুঁজি আজি তেওঁ শেষ নিশ্বাস ত্যাগ কৰে।

কলকাতাৰ মেডিকা হস্পতালত অসীম বেনাৰ্জীৰ মৃত্যু ঘটাৰ বাতৰি বিয়পি পৰাৰ লগে লগে সমগ্ৰ ৰাজ্য খনতে শোকৰ ছাঁ পৰে।

সম্পূৰ্ণ কোভিড প্ৰ’টোকল মানি অসীম বেনাৰ্জীৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ’ব বুলি বেনাৰ্জীৰ পৰিয়ালৰ সূত্ৰই প্ৰকাশ কৰিছে।

ইপিনে পশ্চিমবংগত আজি ২০,৮৪৬ গৰাকী লোক কোভিডত আক্ৰান্ত হৈছে।

সমগ্ৰ ৰাজ্য খনতে মুঠ  কোভিড ৰোগীৰ সংখ্যা হৈছে ১০,৯৪,৮০২।ৰাজ্য খনত কোভিডত মৃত্যু ঘটা লোকৰ সংখ্যা হৈছে ১২,৯৯৩ গৰাকী।

Related News